ETV Bharat / sports

ডাঙৰ খবৰ : 26 নহয় 19 ছেপ্তেম্বৰত আৰম্ভ হ’ব আইপিএল !

author img

By

Published : Jul 22, 2020, 7:39 PM IST

Updated : Jul 22, 2020, 8:38 PM IST

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুৰাগীলৈ আহিছে সুঃখবৰ ৷ একপ্ৰকাৰ নিশ্চিত হৈছে ডুবাইত আইপিএলৰ ত্রয়োদশ সংস্কৰণ আয়োজনৰ ৷ এতিয়া অপেক্ষা ভাৰত চৰকাৰৰ সেউজ সংকেতলৈ ৷ কিন্তু আয়োজনৰ সময়ৰ ক্ষেত্ৰত হ’ব পাৰে কিছু সাল-সলনি ৷ আইপিএলৰ গভৰ্নিং কাউন্সিল তথা অধ্যক্ষ ব্ৰিজেশ পেটেলৰ চৰকাৰলৈ আবেদন ৷

ডাঙৰ খবৰ : 26 নহয় 19 ছেপ্তেম্বৰত হে হ’ব আইপিএল !

স্পৰ্টছ ডেস্ক, 22 জুলাই: বিশ্বব্যাপি কৰ’ণা ভাইৰাছৰ মহামাৰীৰ মাজতেই ভাৰতীয় ক্ৰীড়া অনুৰাগীৰ বাবে আহিছে সুঃখবৰ ৷ আইচিচি টি-20 বিশ্বকাপ বাতিলৰ পাচতেই আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ আয়োজনৰ কথা নিশ্চিত হৈ পৰিছে ৷ পূৰ্বতে ডুবাইত এই প্ৰতিযোগিতা 26 ছেপ্তেম্বৰৰ পৰা আয়োজনৰ খবৰ আহিছিল যদিও শেহতীয়াকৈ ইয়াৰ সময়-সূচীক লৈ আহিছে নতুন খবৰ ৷

আইপিএলৰ ত্রয়োদশ সংস্কৰণ
আইপিএলৰ ত্রয়োদশ সংস্কৰণ

এখন ইংৰাজী বাতৰি কাকতৰ খবৰ অনুসৰি, ডুবাইতে আইপিএলৰ আয়োজন হ’ব সেয়া নিশ্চিত যদিও আয়োজনৰ তাৰিখক লৈ হ’ব পাৰে কিছু সাল-সলনি ৷ পূৰ্বৰ 26 ছেপ্তেম্বৰৰৰ সলনি আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ 19 ছেপ্তেম্বৰৰ পৰাহে আয়োজন হ’ব বুলি অনুমান কৰা হৈছে ৷ লগতে মেচৰ সময়ৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ কথা পোহৰলৈ আহিছে ৷

খবৰৰ অনুসৰি আইপিএলৰ প্ৰচাৰক সকল টুৰ্ণামেণ্টৰ সময়-সূচীক লৈ অসন্তুষ্ট ৷ কাৰণ দেৱালীৰ সময়ত 14 নৱেম্বৰৰ উইকেণ্ডৰ সময় খিনি বাদ দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰা হৈছে ৷ যাৰ বাবে আইপিএলৰ প্ৰচাৰক ষ্টাৰ স্পৰ্টছৰ পৰামৰ্শ অনুসৰিয়ে আইপিএলৰ সময়-সূচী 19 ছেপ্তেম্বৰলৈ আগুৱাই অনাৰ সম্ভাৱনা আছে ৷ লগতে সন্ধিয়া ভাগৰ খেল সমূহো হ্ৰাস কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও দাবী কৰা হৈছে ৷

উল্লেখ্য যে, আইচিচিৰ টি-20 বিশ্বকাপ স্থগিত কৰাৰ কথা প্ৰকাশ কৰাৰ পাচতেই আইপিএলৰ আয়োজনৰ পথ প্ৰশস্ত হৈ পৰিছে বিচিচিআইৰ বাবে ৷ তথ্য অনুসৰি কৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শকবিহীন ভাৱে আয়োজন হ’বলগীয়া এই প্ৰতিযোগিতাৰ মেচৰ সংখ্যাৰ ক্ষেত্ৰতো হ্ৰাস কৰাৰ সম্ভাৱনা আছে ৷ পূৰ্বৰ 7-8 সপ্তাহৰ দীৰ্ঘকালিন প্ৰতিযোগিতাৰ বিপৰীতে এইবাৰ 5-6 সপ্তাহৰ ভিতৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷ আনকি পূৰ্বৰ 8 বজাৰ পৰা হোৱা মেচৰ সময় সলনি কৰি এইবাৰ 7.30 বজাৰ পৰা অনুষ্ঠিত কৰা হ’ব পাৰে আইপিএল 2020 ত ৷ অৱশ্যে এতিয়াও ইয়াৰ বাবে বিচিচিআইৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিব লাগিব ৷ ইয়াৰ পাচতেই আনুষ্ঠানিক ভাৱে ত্ৰয়োদশ সংস্কৰণৰ নিৰ্ধাৰিত সময়-সূচী ঘোষণা কৰা হ’ব ৷

শেহতীয়াকৈ আইপিএলৰ গভৰ্নিং কাউন্সিল তথা অধ্যক্ষ ব্ৰিজেশ পেটেলে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ডুবাইত আয়োজনৰ বাবে ভাৰত চৰকাৰ পৰা অনুমতি গ্ৰহণৰ বাবে আবেদন কৰাৰ কথা উল্লেখ কৰে ৷ আগন্তুক এসপ্তাহ বা দহ দিনৰ ভিতৰতেই এক বৈঠকত মিলিত হৈ আইপিএলক লৈ অন্তিম নিৰ্ণয় লোৱা হ’ব বুলি মন্তব্য কৰে ৷ বৰ্তমান সময়লৈকে 60 খন মেচৰে পূৰ্ণ আইপিএল আয়োজনৰ আশা ব্যক্ত কৰা হৈছে ৷

লগতে চাওক-Serie Aত 50 টা গ’ল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল ক্ৰিষ্টিয়ানো ৰ’নাল্ডো

Last Updated : Jul 22, 2020, 8:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.