স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰ : 13 সংখ্যক আইপিএলৰ আয়োজন কৰিবলগা সকলো মেচ অফিচিয়েলক ক'ভিড-19 নেগেটিভ বুলি ঘোষণা কৰা হৈছে ৷ 12 গৰাকী ভাৰতীয় আৰু তিনিগৰাকী বৈদেশিক আম্পায়াৰ, পাঁচ ভাৰতীয় মেচ ৰেফাৰীয়ে কোৱাৰান্টাইন প্ৰটক'ল অনুসৰণ কৰিছিল বুলি জানিব পৰা গৈছে ৷
![আইপিএল 13](https://etvbharatimages.akamaized.net/etvbharat/prod-images/jpg_1709newsroom_1600308295_300.jpg)
তেওঁলোকৰ কোৱাৰান্টাইন পিৰিয়ডৰ অন্ত পৰাৰ লগতে 19 ছেপ্তেম্বৰৰ পৰা 13 সংখ্যক আইপিএল অনুষ্ঠিত কৰিবলৈ তেওঁলোক সাজু হৈ উঠিছে ৷
ছয়দিনীয়া কোৱাৰান্টাইন পিৰিয়ডত প্ৰতিজন অফিচিয়েলক প্ৰথম, তৃতীয় আৰু পঞ্চম দিনা ক'ভিড পৰীক্ষা কৰা হৈছিল ৷ বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰে এই কথা ৷
![আইপিএল 13](https://etvbharatimages.akamaized.net/etvbharat/prod-images/iplumpires-1200x800_1709newsroom_1600308295_722.jpg)
এই মেচ অফিচিয়েল সকল হৈছে :
12 গৰাকী ভাৰতীয় আম্পায়াৰ - অনিল চৌধাৰী, চি. শ্বামচুদ্দিন, বিৰেন্দৰ শৰ্মা, কে. অনন্তপদ্মনাভন, নিতিন মেনন, এছ. ৰবি, বিনীত কুলকাৰ্ণী, য়শৱন্ত বাৰ্ডে, ওলহাছ গান্ধে, অনিল দান্দেকাৰ, কে. শ্ৰীনিবাসন আৰু পশ্চিম পাঠক ৷
![আইপিএল 13](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:54:55:1600323895_four-icc-elite-panel-umpires-to-officiate-in-ipl-2020-1200x675_1709newsroom_1600308295_862.jpg)
3 বিদেশী আম্পায়াৰ - ইংলেণ্ডৰ ৰিচাৰ্ড ইলিংৱৰ্থ, প্ৰাক্তন অষ্ট্ৰেলিয়াৰ বলাৰ পল ৰেইফেল আৰু নিউজিলেণ্ডৰ ক্ৰিষ্টোফাৰ গাফ্ফানী ৷
পাঁচগৰাকী ভাৰতীয় মেচ ৰেফাৰী - জাভাগল শ্ৰীনাথ, মনু নায়াৰ, ভি. নাৰায়ন কুট্টী, শক্তি সিং আৰু প্ৰকাশ ভট্ট ৷
![আইপিএল 13](https://etvbharatimages.akamaized.net/etvbharat/prod-images/925502-javagal-srinath_1709newsroom_1600308295_313.jpg)
লগতে পঢ়ক : UAE ত আইপিএল 2020