স্পৰ্টছ ডেস্ক, 7 জানুৱাৰী : ইন্দোৰৰ হলকাৰ ক্ৰিকেট ষ্টেডিয়ামত বিয়লি 7 বজাৰ পৰা আৰম্ভ হ'ব ভাৰত-শ্ৰীলংকাৰ দ্বিতীয় টি-20 ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় দলে ৷ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগা প্ৰথমখন মেচ বৰষুণৰ বাবে বিঘ্নিত হয় ৷ সেয়েহে মঙলবাৰৰ মেচত জয়েৰে শৃংখলাত অগ্ৰগতি ল'বলৈ দুয়ো দলে চেষ্টা অব্যাহত ৰাখিব ৷
উল্লেখ্য যে, শ্ৰীলংকা দলে বৰ্তমান পৰ্যন্ত দ্বিপাক্ষিক টি-20 শৃংখলাত ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই ৷
আৰু পঢ়ক : নিৰ্ভয়া কাণ্ডৰ 4 দোষীক ফাঁচীৰ নিৰ্দেশ দিল্লী আদালতৰ