স্পৰ্টছ ডেস্ক, 7 আগষ্টঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত জয় লাভ ভাৰতৰ ৷ ৱেষ্ট ইণ্ডিজক 7 উইকেত পৰাস্ত বিৰাট বাহিনীৰ ৷ ৱেষ্ট ইণ্ডিজে প্ৰথম বেটিং কৰি 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 146 ৰান ৷ ৱেষ্ট ইণ্ডিজৰ হৈ কাইৰণ পলাৰ্ডে সৰ্বাধিক 58 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় ৷ নিকলাছ পুৰাণে 17, ৰভমান পাৱেলে 32 ৰানৰ সহযোগিতা দিয়ে ৷ ভাৰতৰ হৈ দিপক চাহাৰে 3 অভাৰত 4 ৰান দি 3 টা, নৱদ্বীপ চাইনীয়ে 2 টা আৰু ৰাহুল চাহাৰে 1 টা উইকেট দখল কৰে ৷
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 19.1 অভাৰত 3 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ কে.এল ৰাহুলে 20, শিখৰ ধাৱনে 3, বিৰাট কোহলিয়ে 59 আৰু ঋষভ পন্তে অপৰাজিত 65 ৰান কৰিবলৈ সক্ষম হয় ৷ এই জয়েৰে তিনিখন মেচৰ টি-20 শৃংখলাত ভাৰতে 3-0 ৰে দখল কৰিবলৈ সক্ষম হয় ৷ মেচখনত দিপক চাহাৰক মেন অফ দ্য মেচ খিতাপ দিয়াৰ বিপৰীতে মেন অফ দ্য চিৰিজৰ খিতাপ লাভ কৰে ক্ৰোণাল পাণ্ডিয়াই ৷