ETV Bharat / sports

তৃতীয় এদিনীয়াঃ টছত জয় লাভ নিউজিলেণ্ডৰ, প্ৰথমে বেটিং ভাৰতৰ

মাউণ্ট মাংগানুইত তৃতীয়খন এদিনীয়াত নিউজিলেণ্ডৰ মুখামুখি হৈছে ভাৰত ৷ টছত জয় লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ ৷ শৃংখলাত 2-0 ৰ অগ্ৰগতি কিৱি বাহিনীৰ ৷

author img

By

Published : Feb 11, 2020, 7:14 AM IST

India vs newzealand toss 3rd ODi
India vs newzealand toss 3rd ODi

স্পৰ্টছ ডেস্ক, 11 ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ মাউণ্ট মাংগানুইত আজি তৃতীয়খন এদিনীয়া মুখামুখি হৈছে ভাৰত আৰু নিউজিলেণ্ড ৷ সন্মান ৰক্ষাৰ যুঁজত অন্তিমখন মেচত অৱতীৰ্ণ হৈছে ভাৰতীয় দলটো ৷ কাৰণ ইতিমধ্যে তিনিখন মেচৰ এদিনীয়া শৃংখলাত 2-0 ৰে পৰাজয় বৰণ কৰি শৃংখলা হেৰুৱাইছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷ টছত জয় লাভ কৰি নিউজিলেণ্ডে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতক বেটিঙলৈ নিমন্ত্ৰণ জনায় ৷

ভাৰত বনাম নিউজিলেণ্ড
ভাৰত বনাম নিউজিলেণ্ড

মেচখনত ভাৰতীয় দলটোত কেদাৰ যাদৱৰ স্থানত মনিষ পাণ্ডেক স্থান দিয়া হৈছেইপিনে নিউজিলেণ্ড দলটোত অধিনায়ক কেন উইলিয়ামচনৰ প্ৰত্যাৱৰ্তন কৰাৰ লগতে চাপমেনৰ স্থানত দলত অন্তৰ্ভুক্তি কৰা হৈছে মিটচেল চেন্টনাৰক ৷ এই মেচখনত ভাৰতে জয় লাভ কৰি সন্মান ৰক্ষাৰ যো-জা চলোৱাৰ বিপৰীতে নিউজিলেণ্ডৰ লক্ষ্য হ’ব ভাৰতৰ হাতত 5-0 ব্যৱধানত টি-20 শৃংখলাত হোৱাইট ৱাছ হোৱাৰ উচিত প্ৰতিশোধ লোৱাৰ ৷ এতিয়া সময়হে ক’ব ভাৰতীয় দলটো হোৱাইট ৱাছৰ সন্মুখীন হ’ব নে জয়েৰে শৃংখলাৰ অন্ত পেলাব ৷

লগতে চাওক- "এয়া আমাৰ দিন নাছিল" : অনুৰ্দ্ধ-19 ৰ অধিনায়ক প্ৰিয়ম গাৰ্গ

Intro:Body:

India vs newzealand toss 3rd ODi

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.