ETV Bharat / sports

দ্বিতীয় এদিনীয়াত প্ৰথমে বেটিং ভাৰতৰ

ৰাজকোটত টছত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত কেংগাৰু বাহিনীৰ ৷

author img

By

Published : Jan 17, 2020, 2:20 PM IST

দ্বিতীয় এদিনীয়াত প্ৰথমে বেটিং ভাৰতৰ
দ্বিতীয় এদিনীয়াত প্ৰথমে বেটিং ভাৰতৰ

স্পৰ্টছ ডেস্ক, 17 জানুৱাৰীঃ আজি ৰাজকোটত দ্বিতীয়খন এদিনীয়াত মুখামুখি হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়া ৷ টছত জয় লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ ৷ ভাৰতৰ দৃষ্টভংগীৰে শৃংখলাত বৰ্তি থাকিবলৈ ভাৰতৰ বাবে জয় অপৰিহাৰ্য ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলত 1-0 ৰ অগ্ৰগতি লাভ কৰি আছে ফিন্স নেতৃত্বাধীন কেংগাৰু বাহিনীয়ে ৷

ইপিনে চৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েছন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জয় সাব্যস্ত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব বিৰাট বাহিনী ৷ ৱাংখেড়েত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত দহ উইকেটৰে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত ৷

প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত কেংগাৰু বাহিনীৰ

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ দ্ৰুতবেগী বলাৰ পেট কামিন্সৰ বলত প্ৰথমখন এদিনীয়াত আঘাতপ্ৰাপ্ত হৈ খেল পথাৰৰ পৰা অব্যাহতি লৈছিল ঋষভ পন্তে ৷ ফলত কে. এল. ৰাহুলে উইকেট কীপাৰৰ দায়িত্ব পালন কৰিবলগা হৈছিল ৷ ইপিনে দ্বিতীয়খন মেচতো পন্তৰ দায়িত্বভাৰ ৰাহুলেই গ্ৰহণ কৰিব ৷ ভাৰতীয় দলটোত শাৰ্দুলৰ স্থান নৱদ্বীপ চাইনী, কে.এল ৰাহুল পন্তৰ স্থানত আৰু ৰাহুলৰ স্থানত মনিষ পাণ্ডেক স্থান দিয়া হৈছে ৷ ইপিনে অষ্ট্ৰেলিয়া দলটোত কোনো সাল-সলনি কৰা হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.