ETV Bharat / sports

দ্বিতীয় টেষ্টঃ প্ৰথম দিনৰ অন্তত 264 ৰান সংগ্ৰহ ভাৰত

কিংগ্ছটনত অনুষ্ঠিত হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ৷ প্ৰথমে বেটিং কৰি প্ৰথমদিনৰ খেলৰ অন্তত ভাৰতৰ স্কৰ 5 উইকেটত 264 ৰান ৷

author img

By

Published : Aug 31, 2019, 8:13 AM IST

দ্বিতীয় টেষ্টঃ প্ৰথম দিনৰ অন্তত 264 ৰান সংগ্ৰহ ভাৰত

স্পৰ্টছ ডেস্ক, 31 আগষ্টঃ জামাকাইৰ কিংগ্ছটনৰ ছাবিনা পাৰ্কত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টেষ্ট ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভেৰে ভাৰতৰ লক্ষ্য হ’ব শৃংখলা জয়ৰ ৷ ৱেষ্ট ইণ্ডিজে মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৱেষ্ট ইণ্ডিজৰ আমন্ত্ৰণ মৰ্মে ভাৰতে বেটিং কৰিবলৈ আহি প্ৰথমটো উইকেট হেৰুৱাই 32 ৰানত ৷ ভাৰতে প্ৰথমটো উইকেট হেৰুৱাই কে.এল ৰাহুলৰ ৷ ভাৰতৰ হৈ ৰাহুলে 13, ময়ংক আগৰৱালে 55, চেতেশ্বৰ পূজাৰাই 6, বিৰাট কোহলিয়ে 76, আৰু আজ্যিংকা ৰাহানেয়ে 24 ৰান কৰি পেভিলিয়নমুখী হয় ৷ ইপিনে 42 ৰান কৰি হনুমা বিহাৰী আৰু 27 ৰান কৰি ঋষভ পন্ত ক্ৰীজত বৰ্তি আছে ৷

ETV

প্ৰথমদিনৰ খেলৰ অন্তত ভাৰতে সংগ্ৰহ কৰে 5 উইকেটৰ বিনিময়ত 264 ৰান ৷ ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হল্ডাৰে সৰ্বাধিক 3 টা আৰু কেমাৰ ৰছ আৰু ৰাহকিম কৰ্ণাৱেলে 1 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ অভিষেক মেচত ৰাহকিম কৰ্ণাৱেলে পূজাৰৰ উইকেট দখল কৰি টেষ্ট ক্ৰিকেট কেৰিয়াৰৰ প্ৰথমটো উইকেট দখল কৰে ৷

ETV BHARAT SPORTS- IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.