ETV Bharat / sports

205 ৰাণত অল আউট ইংলেণ্ড : গীলৰ উইকেট হেৰুৱাই ভাৰতৰ সংগ্ৰহ 24 - ইংলেণ্ডৰ হৈ বেন ষ্টোকছৰ সৰ্বাধিক 55 ৰাণ

আহমেদাবাদত আজিৰ পৰা ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট ৷ 205 ৰাণত অল আউট ইংলেণ্ড ৷ গীলৰ উইকেট হেৰুৱাই ভাৰতৰ সংগ্ৰহ 24 ৰাণ ৷ ভাৰতৰ হৈ অক্সৰ পেটেলৰ 4 টা উইকেট সংগ্ৰহ ৷ ইংলেণ্ডৰ হৈ বেন ষ্টোকছৰ সৰ্বাধিক 55 ৰাণ সংগ্ৰহ ৷

গীলৰ উইকেট দখল কৰে এণ্ডাৰছনে
গীলৰ উইকেট দখল কৰে এণ্ডাৰছনে
author img

By

Published : Mar 4, 2021, 10:31 PM IST

স্পৰ্টছ ডেস্ক, 4 মাৰ্চ : চতুৰ্থ তথা অন্তিম টেষ্টৰ প্ৰথম দিনাৰ অন্তত ভাৰতে অ'পেনাৰ শুভমন গীলৰ উইকেট হেৰুৱায় ৷ আনহাতে প্ৰথমে বেটিং কৰি ইংলেণ্ড দলে আটাইকেইটা উইকেট হেৰুৱাই 205 ৰাণৰ ইনিংছ গঢ়ে ৷

প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইংলেণ্ড দলে সমগ্ৰ ছিৰিজত দ্বিতীয়বাৰৰ বাবেহে 200 ৰাণৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷

লেগ বিফোৰৰ বাবে ঋষভ পন্তৰ আপীল
লেগ বিফোৰৰ বাবে ঋষভ পন্তৰ আপীল

ভাৰতীয় স্পীনাৰ অক্সৰ পেটেলে পুনৰবাৰ ভ্ৰমণকাৰী ইংলেণ্ডৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰি 68 ৰাণ দি 4 টা উইকেট দখল কৰে ৷ আনহাতে, ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা অল ৰাউণ্ডাৰ বেন ষ্টোকছে 55 ৰাণত ৱাশ্বিংটন সুন্দৰৰ হাতত উইকেট হেৰুৱায় ৷ সাত নম্বৰত বেটিং কৰিবলৈ আহি ডেন লৰেন্সে 46 ৰাণ সংগ্ৰহ কৰে ৷

মটেৰা পিটছ
মটেৰা পিটছ

পেটেলৰ উপৰি ৰবিচন্দ্ৰন অশ্বিনে (3/47) আৰু মহম্মদ ছিৰাজে (2/45) সংগ্ৰহ কৰে ৷

আনহাতে, দিনটোৰ শেষত ভাৰতে গীলৰ উইকেট হেৰুৱাই 24 ৰাণ সংগ্ৰহ কৰে ৷ ক্ৰিজত 8 ৰাণত ৰোহিত শৰ্মা আৰু 15 ৰাণত চেতেশ্বৰ পূজাৰাই বেটিং কৰি আছে ৷ ইনিংছৰ তৃতীয়টো বলতে গীলে জেমছ এণ্ডাৰছনৰ হাতত উইকেট হেৰুৱায় ৷

ইংলেণ্ডৰ শিবিৰত স্পীন বলিঙৰ ত্ৰাস অব্যাহত

উল্লেখ্য যে, ভাৰতে 2-1 ত ছিৰিজত অগ্ৰগতি লাভ কৰি আছে আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবৰ বাবে এই মেচত ড্ৰ' খেলাৰ প্ৰয়োজন আছে ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে জুনত ফাইনেলত অৱতীৰ্ণ হ'ব ৷

মহম্মদ ছিৰাজ
মহম্মদ ছিৰাজ

ইংলেণ্ডৰ প্ৰথম ইনিংছ : 75.5 অ'ভাৰত 205 ৰাণত অল আউট (বেন ষ্টোকছ 55, ডেন লৰেন্স 46; অক্সৰ পেটেল 4/68, ৰবিচন্দ্ৰন অশ্বিন 2/47, মহম্মদ ছিৰাজ 2/45)

ভাৰতৰ প্ৰথম ইনিংছ : 12 অ'ভাৰত 1 টা উইকেটৰ বাবদ 24 ৰাণ (চেতেশ্বৰ পূজাৰা 15. ৰোহিত শৰ্মা 8; জেমছ এণ্ডাৰছন 1/0)

লগতে পঢ়ক : আই পি এল-২০২১: চেন্নাইত উপস্থিত ধোনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.