ETV Bharat / sports

ভাৰত-ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্ট : 260 ৰানৰ অগ্ৰগতি ভাৰতৰ - ৱেষ্ট ইণ্ডিজ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ তৃতীয় দিনা 260 ৰানৰ অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলে ৷ ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে 189/8 ৰ পৰা খেলিবলৈ আৰম্ভ কৰি 33 ৰান যোগ কৰি 222 ৰান সংগ্ৰহ কৰে ৷

ভাৰত-ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্ট : 260 ৰানৰ অগ্ৰগতি ভাৰতৰ
author img

By

Published : Aug 25, 2019, 1:03 PM IST

স্পৰ্টছ ডেস্ক, 25 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ তৃতীয় দিনা 260 ৰানৰ অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলে ৷ প্ৰথম ইনিংছত ৱেষ্ট ইণ্ডিজক 222 ৰাণত অল আউট কৰাৰ পাচত ভাৰতীয় অ'পেনিং যুটিয়ে 30 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ মায়ংক আগৰৱালে 16 ৰান কৰি ৰ'ষ্টন চেজৰ বলত উইকেট হেৰুৱায় ৷ ইয়াৰ পাছতে চেতেশ্বৰ পূজাৰাই কে. এল. ৰাহুলৰ সৈতে 43 ৰান সংগ্ৰহ কৰে ৷

260 ৰানৰ অগ্ৰগতি ভাৰতৰ
ভাৰত-ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্ট

চেজৰ বলত 38 ৰান কৰি ৰাহুল আউট হোৱাৰ লগতে কেমাৰ ৰ'ছৰ বলত 25 ৰানত আউট হয় পূজাৰা ৷ তাৰ পাছতে কোহলীৰ 51 ৰান আৰু ৰাহানেৰ 53 ৰানৰ জৰিয়তে 104 ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম হয় দুয়ো খেলুৱৈয়ে ৷

260 ৰানৰ অগ্ৰগতি ভাৰতৰ
ভাৰত-ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্ট

ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে 189/8 ৰ পৰা খেলিবলৈ আৰম্ভ কৰি 33 ৰান যোগ কৰি 222 ৰান সংগ্ৰহ কৰে ৷ জেছন হ'ল্ডাৰ আৰু মিগুৱেল কিউমিনছে নৱম উইকেটৰ যুটিত 41 ৰান সংগ্ৰহ কৰে ৷ 39 ৰানৰ ইনিংছ উপহাৰ দিয়া হ'ল্ডাৰে মহম্মদ ছামীৰ বলত ঋষভ পন্তৰ হাতত উইকেট হেৰুৱায় ৷ ভাৰতৰ হৈ ঈশান্ত শৰ্মাই 5 টা উইকেট দখল কৰাৰ লগতে ছামী আৰু জাদেজাই দুটাকৈ উইকেট লাভ কৰে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.