স্পৰ্টছ ডেস্ক,12 মাৰ্চ: হিমাচল প্ৰদেশৰ ধৰ্মশালা ষ্টেডিয়ামত আজি খেলা যাব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া মেচ ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা দলটো বৰ্তমান ভাৰত ভ্ৰমণৰত ৷ বৰষুণৰ বাবে মেচখনত বৰ্তমানলৈকে টছ কৰাত বিলম্ব হৈছে ৷
উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞানীয়ে পূৰ্বতেই বতৰে বিধি-পথালি দিব বুলি আগ জাননি প্ৰদান কৰিছিল ৷ গতিকে মেচখন আৰম্ভ হ'ব নে নাই তাকলৈও অনিশ্চয়তাই বিৰাজ কৰিছে ৷
ভাৰতীয় দলটোত দীৰ্ঘদিনৰ পিচত প্ৰত্যাৱৰ্তন কৰিছে শিখৰ ধাৱন, হাৰ্দিক পাণ্ডিয়া আৰু ভূৱনেশ্বৰ কুমাৰ ৷ আঘাতৰ বাবেই বহু দিন ক্ৰিকেটৰ খেলপথাৰৰ পৰা বিৰত থাকিবলগীয়া হৈছিল খেলুৱৈসকল ৷ আনহাতে এই শৃংখলাত বিশ্ৰাম দিয়া হৈছে ৰোহিত শৰ্মাক ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে টি-20 শৃংখলাত আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী ৷ এই শৃংখলাৰ দ্বিতীয়খন মেচ 15 মাৰ্চত লক্ষ্ণৌত আৰু তৃতীয়খন মেচ 18 মাৰ্চত কলকাতাত অনুষ্ঠিত হ’ব ৷
লগতে চাওক- ভাৰত বনাম দক্ষিণ আফ্ৰিকা : শূন্য ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব দুই দল