ETV Bharat / sports

টেষ্ট ক্ৰিকেট খেলিবলৈ সকলো ধৰণৰ প্ৰয়াস চলাই গৈছো: হাৰিছ ৰওফ - টেষ্ট ক্ৰিকেট খেলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ হাৰিছ ৰওফৰ

টেষ্ট ক্ৰিকেট খেলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ পাকিস্তানৰ যুৱ ক্ৰিকেটাৰ হাৰিছ ৰওফৰ । টেষ্ট ক্ৰিকেট খেলাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে যুৱ ক্ৰিকেটাৰগৰাকীয়ে। পাকিস্তানৰ হৈ দুখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত অংশ গ্ৰহণ কৰা 26 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে বৰ্তমানো অপেক্ষাৰত এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত অভিষেক কৰাৰ বাবে।

I am putting all efforts to play Test cricket, says Haris Rauf

author img

By

Published : Jun 19, 2020, 4:24 PM IST

স্পৰ্টছ ডেস্ক, 19 জুনঃ ইংলেণ্ড ভ্ৰমণসূচীৰ বাবে 29 জনীয়া সদস্যৰ দলত নাম অন্তৰ্ভুক্ত হোৱাৰ পাচতেই বৃহস্পতিবাৰে পাকিস্তানৰ যুৱ ক্ৰিকেটাৰ হাৰিছ ৰওফৰ প্ৰতিক্ৰিয়া প্ৰকাশ । টেষ্ট ক্ৰিকেট খেলাৰ বাবে সকলো ধৰণৰ প্ৰয়াস চলাই যোৱা বুলি উল্লেখ কৰে প্ৰতিভাৱান যুৱ খেলুৱৈগৰাকীয়ে ।

টেষ্ট ক্ৰিকেট খেলিবলৈ সকলো ধৰণৰ প্ৰয়াস চলাই গৈছো : হাৰিছ ৰওফ

হাৰিছ ৰওফে বিগ বেছ লীগত মেলৱৰ্ণ ষ্টাৰ্ছৰ হৈ 10 খন মেচত অংশগ্ৰহণ কৰি 20 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে প্ৰথম শ্ৰেণী ক্ৰিকেটত তেওঁৰ নামত আছিল কেৱল 74 টা অভাৰ । কাৰণ 2019 বৰ্ষৰ ছেপ্তেম্বৰ মাহতে প্ৰথম শ্ৰেণী ক্ৰিকেটত পদাৰ্পণ কৰিছিল হাৰিছে । কিন্তু পাকিস্তান ক্ৰিকেটৰ নিৰ্বাচক মণ্ডলীয়ে খেলুৱৈগৰাকীৰ ওপৰত বিশ্বাস অটুট ৰাখি হেয়দাৰ আলী,মহম্মদ হাছনেন সৈতে উদীয়মান খেলুৱৈ হিচাপে দলত অন্তৰ্ভুক্ত কৰে হাৰিছ ৰওফক ।

ইয়াৰ পাচতেই খেলুৱৈগৰাকীয়ে কয়, মই মোৰ মনটোক যথাযথ ভাৱে তৈয়াৰ কৰিছো যে মই যিকোনো মূল্য়ৰ বিনিময়ত টেষ্ট ক্ৰিকেট খেলিবলৈ গৈ আছো । মই এইটো অৰ্জন কৰিবলৈ মোৰ সমস্ত প্ৰয়াস চলাই গৈছো । মই ইয়াৰ বাবে সম্পূৰ্ণ ভাৱে সাজু । অকল সাজুৱে নহয় মই ইংলেণ্ড ভ্ৰমণলৈ যাবলৈ উৎসাহিতও হৈ আছো । মই যিয়ে লাভ কৰো তাৰ পৰা মই অধিক উপাৰ্জনৰ চেষ্টা কৰিম বুলি এক ভিডিঅ' সন্মিলনত কয় খেলুৱৈগৰাকীয়ে ।

হুৱাইট বল ক্ৰিকেটত যিদৰে আৰম্ভ কৰিছিলো তেনেকৈ ৰেড বল ক্ৰিকেটটো নিজৰ নাম চাবলৈ বিচাৰো । এইটো মোৰ বাবে এক দীঘলীয়া যাত্ৰাৰ লগতে এটা বৃহৎ সুযোগ বুলি কয় যুৱ ক্ৰিকেটাৰগৰাকীয়ে । পাকিস্তানৰ হৈ দুখন টি-20 মেচত অংশগ্ৰহণ কৰা ৰওফৰ নামত আছে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় উইকেট ।

লগতে চাওকঃ দিল্লীত ২০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.