ETV Bharat / sports

ইডেন গাৰ্ডেনত আৰম্ভ হ'ল ঐতিহাসিক টেষ্ট মেচ

author img

By

Published : Nov 22, 2019, 2:55 PM IST

শুকুৰবাৰৰ পৰা কলিকতাৰ ইডেন গাৰ্ডেনত আৰম্ভ হ'ল প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে বাংলাদেশ দলে ৷

ঐতিহাসিক দিবা-নৈশ মেচত ব্যৱহাৰ হ'ব গুলপীয়া বল

স্পৰ্টছ ডেস্ক, 22 নৱেম্বৰ : শুকুৰবাৰে কলিকতাৰ ইডেন গাৰ্ডেনত আৰম্ভ হ'ল ক্ৰিকেটৰ ঐতিহাসিক টেষ্ট মেচ ৷ গুলপীয়া বলেৰে ইডেন গাৰ্ডেনৰ সেউজীয়া ঘাঁহনিত মুখামুখি হ'ল ভাৰত আৰু বাংলাদেশ দল ৷ আৰম্ভ হৈছে ক্ৰিকেট ইতিহাসৰ প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা আলহী দল বাংলাদেশে বৰ্তমানলৈকে 18 অ'ভাৰত 55/5 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷

ইডেন গাৰ্ডেনৰ ঐতিহাসিক মেচ
ভাৰতীয় দলৰ বলাৰ

ভাৰতীয় দলে কোনো পৰিৱৰ্তন নকৰাকৈ মেচত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বাংলাদেশে টাইজুল ইছলাম আৰু মেহেদী হাছান মিৰাজৰ পৰিৱৰ্তে অল আমিন আৰু নায়িমক দলত অন্তৰ্ভূক্ত কৰা হৈছে ৷

এই ঐতিহাসিক মেচ উপভোগৰ বাবে বিভিন্ন শিতানৰ বহুকেইজন শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত হৈছে ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, ছানিয়া মিৰ্জা আৰু ৰাণী মুখাৰ্জী উপস্থিত হৈছে ৷

ইডেন গাৰ্ডেনত উপস্থিত তেণ্ডুলকাৰ
শচীন তেণ্ডুলকাৰ

12.30 বজাত শ্বেইখ হাছিনাই মমতা বেনাৰ্জীৰ সৈতে ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ লগতে আনুষ্ঠানিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে, প্ৰথমখন মেচত ভাৰতে জয়ী হোৱাৰ লগতেশৃংখলাত 1-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

আৰু পঢ়ক : কলকাতাৰ ইডেন গাৰ্ডনত ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.