ETV Bharat / sports

মেচ বিজয়ী ৰোহিত শৰ্মা হৈছে মোৰ আদৰ্শৱান খেলুৱৈ : হায়দাৰ আলী

author img

By

Published : Jun 19, 2020, 5:17 PM IST

পাকিস্তানৰ যুৱ ক্ৰিকেটাৰ মুখত ৰোহিত শৰ্মাৰ প্ৰশংসা । মেচ বিজয়ী ৰোহিত শৰ্মাক নিজৰ আদৰ্শ খেলুৱৈ হিচাপে স্বীকৃতি প্ৰদান হায়দাৰ আলীৰ ।

Haider Ali says 'match-winner' Rohit Sharma is his 'role model'

স্পৰ্টছ ডেস্ক, 19 জুনঃ ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ উদীয়মান ক্ৰিকেটাৰ হায়দাৰ আলীয়ে । বৃহস্পতিবাৰে এক সাক্ষাৎকাৰত ক্ৰিকেটত নিজৰ আদৰ্শ খেলুৱৈ হিচাপে ৰোহিত শৰ্মা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । আনহাতে ৰোহিত শৰ্মাক প্ৰকৃত মেচ বিজয়ী খেলুৱৈ হিচাপেও আখ্য়া দিয়ে ক্ৰিকেটাৰগৰাকীয়ে ।

মেচ বিজয়ী ৰোহিত শৰ্মা হৈছে মোৰ আদৰ্শৱান খেলুৱৈ : হায়দাৰ আলী
মেচ বিজয়ী ৰোহিত শৰ্মা হৈছে মোৰ আদৰ্শৱান খেলুৱৈ : হায়দাৰ আলী

এক ভিডিঅ' কনফাৰেন্সত খেলুৱৈগৰাকীয়ে কয়, আদৰ্শ খেলুৱৈৰ কথা ক'লে মোৰ ক্ষেত্ৰত ৰোহিত শৰ্মা । মই এজন খেলুৱৈ হিচাপে প্ৰকৃততে তেওঁক পছন্দ কৰো আৰু দলক তেওঁৰ দৰে আক্ৰমণাত্মক আৰম্ভণি দিবলৈ বিচাৰো ।

তেওঁ এনে এজন ব্যক্তি যি তিনিওটা ফৰ্মেটৰ বাবে । তেওঁ তিনিটা ফৰ্মেটত নিজকে ঢাল খোৱাবলৈ সক্ষম । তেওঁৰ এটা গুণে মোক অতিকৈ আকৃষ্ট কৰে যিটো যেতিয়া তেওঁ 50 ৰান অতিক্ৰম কৰে তেতিয়া 100 লৈ আৰু যেতিয়া 150 অতিক্ৰম কৰে তেতিয়া তাক 200 লৈ ৰূপান্তৰ কৰাৰ চিন্তা কৰে । মইয়ো এইটোৱেই কৰিব বিচাৰো, ডাঙৰ লক্ষ্য অতিক্ৰম কৰিবলৈ । সেই বাবেই তেওঁক এজন প্ৰকৃত মেচ বিজয়ী খেলুৱৈ বুলি উল্লেখ কৰে যুৱ ক্ৰিকেটাৰগৰাকীয়ে ।

ইংলেণ্ডৰ গৃহভূমিত অহা আগষ্ট-ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচৰ শৃংখলাৰ বাবে পাকিস্তান দলত অন্তৰ্ভুক্ত কৰা হৈছে 19 বছৰ অনুৰ্ধ্ব খেলুৱৈ হায়দাৰ আলীক । 2019-20 বৰ্ষৰ ছিজনত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল প্ৰতিভাৱান যুৱ খেলুৱৈগৰাকীয়ে । যাৰ বাবে 2020-21 ৰ উদীয়মান খেলুৱৈ হিচাপে চুক্তি লাভ কৰে আলীয়ে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 317 ৰানেৰে পাকিস্তানৰ 19 বছৰ অনুৰ্ধ্ব ক্ৰিকেটৰ দ্বিতীয়গৰাকী সফল বেটছমেন হৈছে আলী । আনহাতে বাংলাদেশত অনুষ্ঠিত এচিচি ইমাৰ্জিং টিমছ কাপত 218 ৰানেৰে পঞ্চমগৰাকী সৰ্বাধিক ৰান কৰা খেলুৱৈ আছিল হায়দাৰ ।

লগতে চাওকঃ সংৰক্ষণৰ অভাৱত সংকটৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.