ETV Bharat / sports

ধোনীৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থণ গম্ভীৰৰ

author img

By

Published : Jul 12, 2020, 10:07 PM IST

গৌতম গম্ভীৰে ধোনীৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰে ৷ দুয়ো যুৱ হৈ থকাৰ কথা সোঁৱৰে গম্ভীৰে, য’ত তেওঁলোক কোঠাত ঠাই উলিয়াবলৈ মজিয়াতে শুইছিল ৷

হাস্পতালত কেনেধৰনৰ পৰিবেশ পাইছিল কৰনা ৰোগী সকলে

নিউজ ডেস্ক, 12 জুলাইঃ প্ৰাক্তন ভাৰতীয় ক্ৰেকেটাৰ তথা বৰ্তমানৰ সাংসদ গৌতম গম্ভীৰে মহেন্দ্ৰ সিং ধোনীৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰে ৷ তেওঁ ধোনীৰ ছুলী দীঘল হৈ থকাৰ সময়ৰ কথা মনত পেলাই, যেতিয়া ধোনী আৰু গম্ভীৰ একেটা ৰুমতে ডেৰমাহ সময় একেলগে কটাইছিল ৷

বিশ্বকাপ 2011ৰ বিশ্বজয় কৰা স্মৰণীয় যুটী
বিশ্বকাপ 2011ৰ বিশ্বজয় কৰা ধোনী-গম্ভীৰৰ স্মৰণীয় যুটী

গম্ভীৰে কয় যে, প্ৰায়ে তেওঁলোকে ধোনীৰ ছুলীৰ বিষয়ে আলোচনা কৰিছিল ৷ কেনেদৰে দীঘল ছুলী ধোনীয়ে নিয়ন্ত্ৰণ কৰি ৰাখে তাকেলৈ চলিছিল আলোচনা ৷ আনহাতে প্ৰথম সপ্তাহত তেওঁলোকক থাকিবলৈ দিয়া কোঠাতো বহুত সৰু আছিল ৷ যাৰ বাবে কোঠাটোত খালী ঠাই উলিয়াবলৈ তেওঁলোক দুয়োজনে তাত থকা বিছনা কেইখন আঁতৰাই মজিয়াত শুৱাৰ সিদ্ধান্ত লৈছিল ৷ সেই সময়খিনিত দুয়োগৰাকী খেলুৱৈ যুৱ আছিল আৰু সেয়ে সেই সময়খিনি অতিকে স্মৰণীয় বুলি উল্লেখ কৰে গম্ভীৰে ৷

আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান আফ্ৰিকান ক্ৰিকেট বৰ্ডৰ সঞ্চালক গ্ৰেম স্মিথে কয় যে, বিশ্ব ক্ৰিকেটত এনে এজন বৰ্তমামৰ খেলুৱৈ পোৱাটো কঠিন যিয়ে ধোনীৰ সান্নিধ্য পোৱা নাই ৷

গৌতম গম্ভীৰে
গৌতম গম্ভীৰ

ধোনীয়ে 2004 চনত বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিশেষ ঘটাইছিল ৷ তেওঁ এতিয়ালৈ 90 খন টেষ্ট, 350 খন এদিনীয়া, আৰু 98 খন টি-20 খেল খেলিছে ৷ ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সংগ্ৰহ কৰিছে 17 হাজাৰৰো অধিক ৰান ৷ 2019 ক্ৰিকেট বিশ্বকাপৰ ছেমি-ফাইনেলখনৰ পাচত ধোনীক খেলপথাৰত দেখিবলৈ পোৱা নায় ৷ ধোনীৰ বহু অনুগামীয়ে খেলপথাৰত তেওঁক দেখাৰ গভীৰ আশাৰে বাট চাই আছে ৷

লগতে পঢ়কঃ বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা মহামাৰীৰ শেহতীয়া খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.