ETV Bharat / sports

হাৰ্দিক পাণ্ডিয়াৰ বাবে নাই বিশ্ৰামৰ দিন !

author img

By

Published : Apr 4, 2020, 4:15 PM IST

আঘাতপ্ৰাপ্ত হৈ বহু দিন ক্ৰিকেটৰ খেলপথাৰৰ পৰা আঁতৰি থকা বিস্ফোৰক বেটছমেন তথা অলৰাউণ্ডাৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়া বৰ্তমান সুস্থ । ২১ দিনীয়া লক্ ডাউনৰ মাজতো তীব্ৰ অনুশীলনত ব্যস্ত খেলুৱৈগৰাকী ।

"For Hardik Pandya, there's no rest day"

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ কোভিড-১৯ ৰ সংহাৰী ৰূপে ভাৰতৰ জনসাধাৰণৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত খেলুৱৈ সকলকো বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰিছে । বহু কেইটা ক্ৰীড়া অনুষ্ঠান বাতিল তথা স্থগিত হোৱাৰ লগে-লগে ঘৰতে সোমাই আছে বহু খেলুৱৈ । কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰম ৰূপত দেখা গৈছে ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়াক । ২১ দিনীয়া লক্ ডাউনৰ মাজত তীব্ৰ অনুশীলনত ব্য়স্ত আছে খেলুৱৈগৰাকী । আঘাতৰ পাচতেই নিজকে সুস্থ তথা ফিট্ কৰি তুলিবলৈয়ে দিনে-নিশাই কঠিন পৰিশ্ৰম কৰিছে খেলুৱৈগাৰকীয়ে ।

হাৰ্দিক পাণ্ডিয়া
হাৰ্দিক পাণ্ডিয়া

শনিবাৰে হাৰ্দিক পাণ্ডিয়াৰ আইপিএলৰ ফ্ৰানচাইজি মুম্বাই ইণ্ডিয়ানছে এটা ভিডিঅ' শ্বেয়াৰ কৰি টুইট কৰে, হাৰ্দিক পাণ্ডিয়াৰ বাবে নাই বিশ্ৰামৰ দিন ।

কোভিড-১৯ ৰ বাবেই আগন্তুক ১৫ এপ্ৰিল স্থগিত কৰা হৈছে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ । বৰ্তমানো আইপিএল অনুষ্ঠিত কৰাকলৈ বৰ্তি আছে অনিশ্চয়তা ।

কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ৭.৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান নেইমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.