ETV Bharat / sports

ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা শ্বেন ৱাটছনৰ - 'My retire announcement' শীৰ্ষক ভিডিঅ'

ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ শ্বেন ৱাটছনে ৷ 'My retire announcement' শীৰ্ষক এক ভিডিঅ'ৰ জৰিয়তে অৱসৰ ঘোষণা ৱাটছনৰ ৷

প্ৰাক্তন অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ শ্বেন ৱাটছন
ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা শ্বেন ৱাটছনৰ
author img

By

Published : Nov 3, 2020, 4:43 PM IST

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ : প্ৰাক্তন অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ শ্বেন ৱাটছনে মঙলবাৰে ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ 'My retire announcement' শীৰ্ষক এক ভিডিঅ'ৰ জৰিয়তে তেওঁ লিখে, "এটা সুন্দৰ অধ্যায় শেষ হোৱাৰ লগতে অন্য এটা ৰোমাঞ্চকৰ অধ্যায়ৰ আৰম্ভণি হৈছে ৷ যিসকলে সপোন পূৰণ হয় বুলি মোক বিশ্বাস কৰিবলৈ শিকালে সেই সকলোৰে আগত মই সদায় কৃতজ্ঞ ৷ এতিয়া পৰৱৰ্তী ৰোমাঞ্চকৰ অধ্যায়লৈ যাত্ৰা কৰিম...,"

  • This closing chapter is going to be so hard to top, but I am going to try.
    I truly am forever grateful to have lived this amazing dream.
    Now onto the next exciting one...#thankyou https://t.co/Og8aiBcWpE

    — Shane Watson (@ShaneRWatson33) November 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2002 চনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ৱাটছনে অষ্ট্ৰেলিয়া দলক প্ৰতিনিধিত্ব কৰি 59 খন টেষ্ট মেচ, 190 খন এদিনীয়া, 58 খন টি-20 ত সংগ্ৰহ কৰিছে 14,000 ৰাণ ৷ লগতে তেওঁ দখল কৰিছে 291 টা আন্তৰাষ্ট্ৰীয় উইকেট ৷ 2016 চনত তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৷

ভিডিঅ'টোত তেওঁ কয়, "এয়া এটা সপোনৰ দৰে আৰম্ভ হৈছিল ৷ 5 বছৰ বয়সত এখন টেষ্ট মেচ চাই থাকোতে মাক কৈছিলো যে, মই অষ্ট্ৰেলিয়াৰ হৈ ক্ৰিকেট খেলিব বিচাৰো ৷ এতিয়া যিহেতু ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিছো সেয়েহে এই সপোন উপভোগ কৰিবলৈ পাই মই অতিকৈ সুখী ৷"

ইয়াৰোপৰি, আইপিএলত ৱাটছনে তিনিটাকৈ দল ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ ক্ৰমে 78, 24 আৰু 43 খনকৈ মেচ খেলিছে ৷ তেওঁ 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ আৰু 2018 চনৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ দলৰ সদস্য আছিল ৷ 2008 আৰু 2013 চনত তেওঁ 'মেন অৱ দা টুৰ্ণামেন্ট' খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

আইপিএলত তেওঁ 137.91 ষ্ট্ৰাইক ৰেটৰ জৰিয়তে সংগ্ৰহ কৰিছে 3,874 ৰাণ ৷ ইয়াৰোপৰি তেওঁৰ দখলত আছে চাৰিটা শতক, 21 টা অৰ্ধশতক আৰু এটা হেট-ট্ৰিক সহ 92 টা উইকেট ৷

ৱাটছনে কয়, "এয়া সঠিক সময় বুলি মই ভাবো আৰু মোৰ অন্তিমখন মেচ মৰমৰ চেন্নাই দলৰ হৈ খেলিব পাৰি অতিকৈ সুখী ৷ এই দলটো যোৱা তিনি বছৰ ধৰি মোৰ অতিকৈ আপোন ৷" তেওঁ লগতে কয়, "39 বছৰ বয়সত কেৰিয়াৰৰ অৱসান ঘটাই মই নিজকে সুখী বুলি অনুভৱ কৰিছো ৷"

লগতে পঢ়ক : তুমি 'মিনি শ্বক' দিলা : পি.ভি. সিন্ধুক ক'লে কিৰেণ ৰিজিজুয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.