ETV Bharat / sports

ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ চুপাৰষ্টাৰ হৈছে "মহেন্দ্ৰ সিং ধোনী" : ডোৱেন ব্ৰেভ'

মহেন্দ্ৰ সিং ধোনীৰ প্ৰশংসাত পঞ্চমূখ চেন্নাই চুপাৰ কিংছ দলৰ সতীৰ্থ খেলুৱৈ তথা ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডোৱেন ব্ৰেভ' ।

author img

By

Published : Jun 13, 2020, 1:46 PM IST

Dwayne Bravo feels MS Dhoni is the biggest superstar in cricket

স্পৰ্টছ ডেস্ক, 13 জুনঃ ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ চুপাৰষ্টাৰ হৈছে মহেন্দ্ৰ সিং ধোনী । এই কথা আমাৰ নহয় । ধোনীৰ প্ৰশংসাত এই কথা উল্লেখ কৰিছে চেন্নাই চুপাৰ কিংছৰ সতীৰ্থ খেলুৱৈ তথা ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডোৱেন ব্ৰেভ'ই । শুকুৰবাৰে জিম্বাবুয়েৰ খেলুৱৈ পম্মী এমবাংৱাৰ সৈতে ইনষ্টাগ্ৰাম চেটত এই কথা সদৰি কৰে কেৰেবিয়ান খেলুৱৈগৰাকীয়ে ।

ফেল্মিং, ধোনীৰ প্ৰশংসা ব্ৰেভ'ৰ
ফেল্মিং, ধোনীৰ প্ৰশংসা ব্ৰেভ'ৰ

তেওঁ কয়, চেন্নাই চুপাৰ কিংছৰ বহু সাফল্যৰ কৃতিত্ব মই ধোনী আৰু ফ্লেমিঙক দিব বিচাৰো । সেয়ে মালিকপক্ষয়ো ধোনী আৰু ফ্লেমিঙৰ ওপৰত যথেষ্ট ভৰসা কৰে । সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত দলত বাহিৰা হস্তক্ষেপ গ্ৰহণ কৰা নহয় । উভয়ে খেলৰ একো-একোজন ডাঙৰ শিক্ষাৰ্থী । খেলুৱৈ সকলেও ধোনীক আৰু এই পৰিৱেশক ভাল পায়, যিহেতু ফ্ৰেনচাইজিৰ দ্বাৰা আপোনাক আপোনাৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰে ।

"মহেন্দ্ৰ সিং ধোনী ক্ৰিকেট আৰু আমাৰ দলৰ বাবে ডাঙৰ চুপাৰষ্টাৰ । তেওঁ আটাইতকৈ সৰল মানুহ যাৰ সৈতে ক্ৰিকেটৰ খেলপথাৰৰ বাহিৰতো সহজেই কথা পাতিব পাৰি । তেওঁ ভিডিঅ' গেমছৰ দৰে, সকলোৰে বাবে সকলো সময়তে তেওঁৰ দুৱাৰ খোলা থাকে । আপুনি যেতিয়াই চুপাৰষ্টাৰৰ সম্পৰ্কে কথা ক'ব তেতিয়া ধোনীৰ দৰে নম্ৰ ব্যক্তিৰ কথা মনলৈ আহিব । চিএছকে এটা বিশেষ দল আৰু আমাৰ সকলোতকৈ বিশ্বাসী অনুৰাগী আছে ।" বুলি কয় ব্ৰেভ'ই ।

ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ চুপাৰষ্টাৰ হৈছে
ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ চুপাৰষ্টাৰ হৈছে "মহেন্দ্ৰ সিং ধোনী" : ডোৱেন ব্ৰেভ'

ব্ৰেভ' যোৱা 2011 চনৰ পৰাই চেন্নাই চুপাৰ কিংছ দলৰ সৈতে চুক্তিবদ্ধ হৈ আছে । তেওঁ বৰ্তমানলৈকে চেন্নাইৰ হৈ 104 খন মেচত অৱতীৰ্ণ হৈছে য'ত তেওঁৰ নামত আছে 121 টা উইকেট । ব্ৰেভ'ই আইপিএলত আটাইতকৈ বেছি উইকেট লাভ কৰাৰ বাবে 2013 আৰু 2015 চনত দুবাৰকৈ পাৰ্পল কেপ লাভ কৰিবলৈ সক্ষম হৈছে ।

ধোনীৰ নেতৃত্বতেই চেন্নাই চুপাৰ কিংছে আইপিএলত তিনিবাৰকৈ 2010, 2011 আৰু 2018 চনত খিতাপ দখল কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.