ETV Bharat / sports

টেষ্ট ক্ৰিকেটক বিদায় জনালে ডেল ষ্টেইনে - HIGHEST WICKET TAKER FROM SA

টেষ্ট কেৰিয়াৰৰ সামৰণি মাৰিলে দক্ষিণ আফ্ৰিকাৰ পেচাৰ ডেল ষ্টেইনে ৷ এদিনীয়া আৰু টি - 20 ত মনোনিৱেশ কৰাৰ উদ্দেশ্যে টেষ্ট ক্ৰিকেটৰ পৰা বিদায় মাগে খেলুৱৈ গৰাকীয়ে ৷

ডেল ষ্টেইন
author img

By

Published : Aug 5, 2019, 11:39 PM IST

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : দক্ষিণ আফ্ৰিকাৰ পেচাৰ ডেল ষ্টেইনে সোমবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ টেষ্ট ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ টুইটাৰৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব'ৰ্ডে এই সম্পৰ্কত মন্তব্য কৰি লিখে যে, ৰেড বল ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি আধুনিক যুগৰ মহান বেগী বলাৰ সকলৰ অন্যতম ডেল ষ্টেইনে টেষ্ট কেৰিয়াৰৰ সামৰণি মাৰিছে ৷

  • He continues to be a national contracted player for the 2019/2020 season in white-ball cricket and therefore remains available for the Standard Bank Proteas in both One-Day International and T20 International cricket. pic.twitter.com/hdJ8htFMEu

    — Cricket South Africa (@OfficialCSA) August 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ লগতে আন এক টুইটাৰৰ জৰিয়তে দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডে মন্তব্য কৰে যে, হোৱাইট বল ক্ৰিকেটৰ এদিনীয়া আৰু টি - 20 ত তেওঁ 2020 চনলৈকে ৰাষ্ট্ৰীয় দলৰ হৈ অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, ডেল ষ্টেইনে গড় 22.95 সহ টেষ্টত 439 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ এই বছৰৰ আৰম্ভণিতে প্ৰাক্তন ক্ৰিকেটাৰ শ্বন পোলকক অতিক্ৰম কৰি ষ্টেইনে দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক উইকেট দখল কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল ৷

আনহাতে, ডেল ষ্টেইনৰ এক টুইটক পুনৰ টুইট কৰিছে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব'ৰ্ডে ৷ এই টুইটত ষ্টেইনে নিজৰ অৱসৰ সন্দৰ্ভত লিখিছিল যে, তেওঁ ভাল পোৱা ক্ৰিকেটৰ ফৰমেটটোক আজি বিদায় জনাইছে ৷ তেওঁৰ দৃষ্টিভংগীত টেষ্ট ক্ৰিকেটেই শ্ৰেষ্ঠ ক্ৰিকেট ফৰমেট বুলি মন্তব্য কৰাৰ লগতে টেষ্টে এজন খেলুৱৈক মানসিক, শাৰীৰিক আৰু আৱেগিকভাৱে পৰীক্ষা কৰে বুলি জানিবলৈ দিয়ে ষ্টেইনে ৷ সীমিত অ'ভাৰৰ ক্ৰিকেটত মনোনিৱেশ কৰাৰ উদ্দেশ্যেই টেষ্ট ক্ৰিকেটৰ পৰা বিদায় মাগে বুলি মন্তব্য কৰে বিশ্বৰ অন্যতম মহান বলাৰজনে ৷

  • “Today I walk away from a format of the game I love so much. In my opinion Test cricket is the best version of this game. It tests you mentally, physically, emotionally." - @DaleSteyn62 pic.twitter.com/TlYHAQDsME

উল্লেখ্য যে, ডেল ষ্টেইনে সদ্যসমাপ্ত আইচিচি ক্ৰিকেট বিশ্বকাপত আঘাতৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে ৷ দক্ষিণ আফ্ৰিকা দলত তেওঁক অন্তৰ্ভূক্ত কৰা হৈছিল যদিও অৱশেষত আঘাতৰ বাবে বাহিৰ কৰা হৈছিল ৷

ইয়াৰোপৰি, আইপিএলৰ ৰয়েল চেলেঞ্জাৰ্ছ দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ গৰাকীয়ে আইপিএল, 2019 ৰ দুখন মেচত অংশ লোৱাৰ পাছতে আঘাতৰ বাবে বাহিৰ হ'ব লগা হয় ৷

DALE STEYN ANNOUNCES RETIREMENT FROM TEST CRICKET

টেষ্ট ক্ৰিকেটক বিদায় জনালে ডেল ষ্টেইনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.