স্পৰ্টছ ডেস্ক, ৬ মাৰ্চঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মাজত চলি থকা কৰ বিবাদৰ ফলত ভাৰতে হেৰুৱাব নেকি বিশ্বকাপ ক্ৰিকেটৰ আয়োজনৰ সুযোগ ?বি চি চি আই আৰু আই চি চিৰ কৰ বিবাদে এতিয়া শংকা নমাই আনিছে ভাৰতত হ'বলগীয়া ক্ৰিকেট বিশ্বকাপ আয়োজনত ।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/images/icc1551844613866-60_0603email_00059_1066.jpg)
আই চি চি ৰ মতে ভাৰতে ২০২১ত টি-২০ বিশ্বকাপ আৰু ২০২৩ত এদিনীয়া বিশ্বকাপ আয়োজন কৰিবলৈ হ'লে কৰৰ ক্ষেত্ৰত ৰেহাই দিব লাগিব । অন্যথা ভাৰতৰ সলনি আনদেশত বিশ্বকাপৰ আয়োজনৰ চিন্তা-চৰ্চা চলাব আই চি চিয়ে ।
আই চি চি ৰ এই নিৰ্দেশৰ পিচতেই বি চি চি আই ৰ উচ্চ বিষয়াৰ মন্তব্য, কৰৰ বিষয়টো চৰকাৰ সৈতে জড়িত । ইয়াত চৰকাৰৰ অনুমতি প্ৰয়োজন । ইয়াৰ বাবে যদি আই চি চি য়ে যদি বিশ্বকাপ ভাৰতৰ পৰা লৈ যাব বিচাৰে তেন্তে নিব পাৰে । বি চি চি আইয়ো তেন্তে আই চি চি ৰ পৰা ৰাজহ উঠাই ল'ব বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ।