ETV Bharat / sports

তেণ্ডুলকাৰৰ অভিলেখ ভংগৰ দিশত কোহলী : ব্ৰেট লী - প্ৰাক্তন অষ্ট্ৰেলিয়ান বেগী বলাৰ ব্ৰেট লী

কোহলীয়ে অতিক্ৰম কৰিব পাৰে তেণ্ডুলকাৰৰ 100 টা শতকৰ অভিলেখ ৷ এই মন্তব্য অষ্ট্ৰেলিয়াৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ ব্ৰেট লীৰ ৷

বিৰাট কোহলী
তেণ্ডুলকাৰৰ অভিলেখ ভংগৰ দিশত কোহলী : ব্ৰেট লী
author img

By

Published : Apr 25, 2020, 11:42 PM IST

স্পৰ্টছ ডেস্ক, 25 এপ্ৰিল : প্ৰাক্তন অষ্ট্ৰেলিয়ান বেগী বলাৰ ব্ৰেট লীয়ে শনিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ লীয়ে কয় যে, শচীন তেণ্ডুলকাৰৰ 100 টা আন্তৰাষ্ট্ৰীয় শতকৰ অভিলেখ ভংগ কৰিব পাৰিব বিৰাট কোহলীয়ে ৷

উল্লেখ্য় যে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়াত তেণ্ডুলকাৰে সংগ্ৰহ কৰিছিল 49 টাকৈ শতক ৷ আনহাতে, এই তালিকাৰ দ্বিতীয় স্থানত থকা বিৰাট কোহলীয়ে 248 খন মেচত 43 টাকৈ শতক অৰ্জন কৰিছে ৷ টেষ্ট মেচত তেণ্ডুলকাৰে 51 টা শতক অৰ্জন কৰাৰ পৰিৱৰ্তে কোহলীয়ে 86 খন মেচত অংশগ্ৰহণ কৰি 27 টা শতক অৰ্জন কৰিছে ৷

লীয়ে কয় যে, প্ৰতিভা, ফিটনেছ আৰু মানসিক শক্তিৰ ফলত সকলো সম্ভৱ আৰু কোহলীৰ এই তিনিওটা বৈশিষ্ট্য আছে ৷

তেওঁ কয়, "মই ভাৱো যে, তেওঁৰ ওচৰত থকা এই তিনিটা বৈশিষ্ট্যৰ বাবে তেওঁ শচীনক অতিক্ৰম কৰিবলৈ সক্ষম হ'ব ৷ কিন্তু, একে সময়তে আমি শচীনৰ কথা কৈ আছো, ভগৱানক অতিক্ৰম কৰিব পাৰিব জানো ৷ সেয়েহে আমি অপেক্ষা কৰিম ৷"

উল্লেখ্য যে, অষ্ট্ৰেলিয়া দলৰ হৈ 76 খন টেষ্ট আৰু 221 খন এদিনীয়াত অংশগ্ৰহণ কৰা লীয়ে এক টেলিভিছন শ্ব'ত এই মন্তব্য় আগবঢ়ায় ৷

43 বৰ্ষীয় দূৰ্দান্ত বলাৰ গৰাকীয়ে লগতে কয়, "আমি বৰ্তমান বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ সকলৰ কথা পাতি আছো ৷ সেয়েহে সাত-আঠ বছৰ অপেক্ষা কৰক, তেওঁ বৰ্তমান যিদৰে খেল প্ৰদৰ্শন কৰিছে আছে, কোহলীয়ে এই অভিলেখ ভংগ কৰিব বুলি অনুমান কৰিব পাৰে ৷"

উল্লেখ্য যে, 24 বছৰীয়া কেৰিয়াৰৰ অন্তত তেণ্ডুলকাৰে 2013 চনত অৱসৰ গ্ৰহণ কৰিছিল ৷ এই সময়ছোৱাত তেওঁ বিশ্ব ক্ৰিকেটত নিজৰ বেটৰ যাদুৰে প্ৰায় সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.