ETV Bharat / sports

নিৰ্ধাৰিত সময় মতেই ২০২১ বিশ্বকাপ আয়োজন কৰাটো উত্তম : ঝুলন গোস্বামী - নিউজিলেণ্ড

বিশ্বত চলি থকা কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ বাবেই বিশ্বজুৰি স্তব্ধ হৈ পৰিছে ক্ৰীড়াজগতৰ সকলো কাৰ্যকলাপ । এই সংকটৰ মাজতেই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য ঝুলন গোস্বামীৰ আগন্তুক ২০২১ বিশ্বকাপলৈ গুৰুত্বপূৰ্ণ মন্তব্য ।

better to have 2021 world cup on time than it getting delayed jhulan goswami

author img

By

Published : May 14, 2020, 10:21 AM IST

স্পৰ্টছ ডেস্ক, ১৪ মে': নিউজিলেণ্ডত অহা বৰ্ষত অনুষ্ঠিত হ'ব আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ দ্বাদশ সংস্কৰণ । ৬ ফেব্ৰুৱাৰী পৰা ৭ মাৰ্চলৈ নিৰ্ধাৰিত হৈ আছে সম্পূৰ্ণ কাৰ্যসূচী । ভাৰতীয় দলৰ খেলুৱৈ ঝুলন গোস্বামীৰ দৃষ্টিভংগীৰে এইখন হ'ব তেওঁৰ বাবে অন্তিমখন বিশ্বকাপ । ভাৰতীয় দলক জয়ী কৰি বিদায় লোৱাৰো মনত যি সপোন বান্ধি থৈছিল খেলুৱৈগাৰকীয়ে সেই সপোনত এতিয়া যেন কালিমা সানিছে কৰ'ণা ভাইৰাছৰ মহামাৰীয়ে । ইতিমধ্যে বহু কেইটা আগন্তুক প্ৰতিযোগিতাৰ আয়োজনক লৈ আহি পৰিছে অনিশ্চয়তা ।

এই সন্দৰ্ভত খেলুৱৈগৰাকীয়ে কয়, বিশ্বকাপৰ পূৰ্বে দলৰ নিৰ্ণয় কৰাটো অধিক প্ৰত্যাহ্বান হৈ পৰিব । কেৱল ভাৰতৰ বাবেই নহয় সকলো দললৈ ই এক প্ৰত্যাহ্বান ৰূপে থিয় দিব । কাৰণ বৰ্তমান সময়ত খেলৰ পৰা আঁতৰি থাকবিলগীয়া হৈছে সকলো দল তথা খেলুৱৈয়ে ।

better to have 2021 world cup on time than it getting delayed jhulan goswami
নিউজিলেণ্ডত অনুষ্ঠিত হ'ব ২০২১ ৰ বিশ্বকাপ

এটা সংবাদ এজেঞ্চীক দিয়া মন্তব্যত ঝুলনে কৈছে, প্ৰাৰম্ভিক অৱস্থাত সহজে ল'ব পৰা নাছিলোঁ । কি হৈছিল আমি জ্ঞাত নাছিলোঁ । হঠাৎ আমাক লক্ ডাউনলৈ পঠিয়াই দিয়া হৈছিল । অৱশ্যে এতিয়া লাহে-লাহে ইয়াৰ সৈতে অভ্যস্ত হৈ পৰিছো ।

ইয়াৰ দ্বাৰা আপোনাৰ মানসিক চিন্তা প্ৰক্ৰিয়া সলনি হৈ পৰে । বৰ্তমান মই মোৰ অনুশীলন প্ৰক্ৰিয়া ঘৰতে আৰম্ভ কৰিছো যদিও এতিয়া ঘৰত থকা আৰু মানসিক ভাৱে সবল হৈ থকাটোৱেই আটাইতকৈ জৰুৰী বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

ভাৰতীয় মহিলা ক্ৰিকেট দল
ভাৰতীয় মহিলা ক্ৰিকেট দল

ইয়াৰ লগতে তেওঁ কয়, অহা বৰ্ষলৈ যাত্ৰা অধিক কঠিন হৈ পৰিব । কিয়নো আমাৰ হাতত বেছি সময় নাই । এতিয়ালৈ আমি খেল পথাৰলৈ যাবলৈ সক্ষম হোৱা নাই । আমি খেল খেলাৰ পৰা বিৰত আছো । বিশ্বকাপৰ পূৰ্বে যিমান সংখ্যক মেচ খেলিবলৈ সক্ষম হ'ব তাৰ পৰা সঠিক দল নিৰ্ধাৰণ কৰাত সহজ হয় বুলি উল্লেখ কৰে ঝুলনে ।

ঝুলনে জানিবলৈ দিয়ে যে, ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বৰ্তমানে লৈ ২০২১ বিশ্বকাপক লৈ একো ৰণনীতি তৈয়াৰ কৰিবলৈ সক্ষম হোৱা নাই । আগন্তুক সময়ত অধিক মেচ খেলাৰ প্ৰয়োজন আছে দলটোক । আনহাতে পলম কৰাতকৈ নিৰ্ধাৰিত সময় মতেই বিশ্বকাপ আয়োজন কৰাটো উত্তম বুলি মন্তব্য কৰে ভাৰতীয় ক্ৰিকেট দলৰ মহিলা খেলুৱৈগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.