ETV Bharat / sports

কোভিড-১৯ আতংকঃ খেলুৱৈৰ মাননী কৰ্তনৰ পৰিকল্পনা কৰা নাই বিচিচিআইয়ে

author img

By

Published : Apr 2, 2020, 2:47 PM IST

কৰ'ণা বিভীষিকা আৰু আইপিএলৰ অনিশ্চতাৰ মাজতেই পোহৰলৈ আহিছিল খেলুৱৈৰ মাননী কৰ্তনৰ খবৰ । কিন্তু এই সন্দৰ্ভত কোনো চিন্তা-চৰ্চা কৰা হোৱা নাই বুলি স্পষ্ট কৰিছে বিচিচিআইৰ কোষাগাধ্যক্ষ অৰুণ ধুমালে ।

BCCI not planning to cut players salaries amid COVID-19 crisis: BCCI Treasurer Arun Dhumal

স্পৰ্টছ ডেস্ক, ২ এপ্ৰিলঃ আইপিএলৰ অনিশ্চয়তা আৰু খেলুৱৈৰ মাননী কৰ্তনৰ খবৰ বাহিৰ হোৱাৰ পাচতেই বিচিচিআইৰ স্পষ্টিকৰণ । বিচিচিআইয়ে খেলুৱৈৰ মাননী কৰ্তনৰ কোনো চিন্তা-চৰ্চা কৰা হোৱা নাই বুলি উল্লেখ কৰিলে বিচিচিআইৰ কোষাগাধ্যক্ষ অৰুণ ধুমালে ।

এটা সংবাদ সংস্থাৰ আগত এই কথা উল্লেখ কৰে ধুমালে । মহামাৰীৰ প্ৰভাৱ যথেষ্ট বেছি হ'ব যদিও মাননী কৰ্তনক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি স্পষ্ট কৰে ।

বিচিচিআইৰ কোষাগাধ্যক্ষ অৰুণ ধুমাল

বৰ্তমানলৈকে ইয়াৰ ওপৰত আলোচনা হোৱা নাই আৰু পৰৱৰ্তী সময়ত যি পদক্ষেপ লোৱা হ'ব সেইয়া বহু ভাৱি-চিন্তি লোৱা হ'ব । সকলো লোকৰ কথা চিন্তা কৰাৰ লগতে যাতে কোনো লোক প্ৰভাৱিত নহয় সেই সিদ্ধান্তত উপনীত হ'ম বুলি উল্লেখ কৰে ধুমালে ।

বিশ্বৰ লগতে ভাৰতত কোভিড-১৯ ৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে ১৫ এপ্ৰিললৈ স্থগিত কৰা হৈছে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ । বৰ্তমানো আইপিএল অনুষ্ঠিত কৰা নকৰাক লৈ অনিশ্চয়তা বৰ্তি আছে । দেশত লক্ ডাউন চলি থকাৰ লগতে বহু দেশৰ ভীছা বাতিল কৰা হৈছে । গতিকে বিদেশী খেলুৱৈৰ অংশগ্ৰহণক লৈও অনিশ্চয়তা আহি পৰিছে । এতিয়া ১৫ এপ্ৰিলৰ পাচতেই জানিব পৰা যাব পৰৱৰ্তি সিদ্ধান্ত বিচিচিআইৰ ।

ভাৰতীয় বেডমিণ্টনৰ দুই পঞ্চ তাৰকা ছাইনা আৰু সিন্ধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.