স্পৰ্টছ ডেস্ক, 7 ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) উইকেট কীপাৰ বেটছমেন দিনেশ কাৰ্তিকলৈ কেন্দ্ৰীয় চুক্তিৰ নিৰ্দেশাৱলী ভংগৰ অভিযোগত জাননী প্ৰেৰণ কৰিছে ৷ কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ অ'পেনিং মেচৰ সময়ত ট্ৰিবাংগ' নাইট ৰাইডাৰ্ছ দলৰ ড্ৰেছিং ৰুমত তেওঁক প্ৰত্যক্ষ কৰাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰে বিচিচিআইয়ে ৷ উল্লেখ্য যে, বিচিচিআইৰ নিৰ্দেশাৱলী অনুসৰি বিচিচিআইৰ অনুমতি অবিহনে কোনো খেলুৱৈয়ে অন্য কোনো দলৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷
উল্লেখ্য যে, কাৰ্তিকক নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন মেককালামৰ সৈতে ট্ৰিবাংগ' নাইট ৰাইডাৰ্ছ দলৰ ড্ৰেছিং ৰুমত বহি থকা প্ৰত্যক্ষ কৰা হৈছিল ৷ এই জাননীৰ প্ৰেৰণ কৰাৰ লগতে তেওঁক এসপ্তাহৰ কাৰণ দৰ্শোৱাৰ সময় প্ৰদান কৰা হৈছে ৷
দিনেশ কাৰ্তিকে শেহতীয়াকৈ বিশ্বকাপত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিছিল ৷ কিন্তু বিশ্বকাপত হতাশাজনক প্ৰদৰ্শন আগবঢ়োৱা বাবে ভাৰতীয় দলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পৰা তেওঁ বাদ পৰিছিল ৷ আগন্তুক বিজয় হাজাৰে ট্ৰফীৰ বাবে তেওঁক তামিলনাডু দলৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে ৷