ETV Bharat / sports

টেষ্ট ক্ৰিকেটত 6000 ৰান সম্পূৰ্ণ আজহৰ আলীৰ - ইংলেণ্ড বনাম পাকিস্তান টেষ্ট শৃংখলা

পাকিস্তানৰ হৈ টেষ্ট ক্ৰিকেটত 6 হাজাৰ ৰান সম্পূৰ্ণ কৰা পঞ্চমগৰাকী পাকিস্তানী খেলুৱৈৰ কৃতিত্ব লাভ বৰ্তমানৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক আজহৰ আলীৰ ৷

Azhar Ali became fifth pakistan batsman who scored 6000 runs in test cricket

author img

By

Published : Aug 24, 2020, 4:31 PM IST

স্পৰ্টছ ডেস্ক, 24 আগষ্ট : ইংলেণ্ড আৰু পাকিস্তানৰ মাজত চলি থকা তৃতীয়খন টেষ্ট মেচত পাকিস্তান দলটো সংকটময় অৱস্থাত অৱতীৰ্ণ হ’লেও এক কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে দলটোৰ অধিনায়ক আজহৰ আলীয়ে ৷

মেচখনত আজহৰ আলীয়ে অপৰাজিত 141 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় যদিও খেলুৱৈগৰাকীয়ে 43 ৰান সম্পূৰ্ণ কৰিয়ে টেষ্ট ক্ৰিকেটত 6 হাজাৰ ৰান সম্পূৰ্ণ কৰে ৷ ইয়াৰ লগে-লগে পাকিস্তানৰ হৈ টেষ্ট ক্ৰিকেটত 6 হাজাৰ ৰান সম্পূৰ্ণ কৰা পাকিস্তানৰ পঞ্চমগৰাকী খেলুৱৈৰ কৃতিত্ব লাভ কৰে আজহৰ আলীয়ে ৷

পাকিস্তানৰ হৈ টেষ্ট ক্ৰিকেটত ছয় হাজাৰ ৰান কৰা খেলুৱৈ সকল :

  • ইউনিছ খান - 10099
  • জাবেদ মিয়াদাদ- 8832
  • ইনজামাম উল হক্-8830
  • মহম্মদ ইউছুফ- 7530
  • আজহৰ আলী-6098*
    আজহৰ আলী
    আজহৰ আলী

ইয়াৰ লগতে মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান কৰা তৃতীয়গৰাকী খেলুৱৈৰো অভিলেখ গঢ়ে ক্ৰিকেটাৰ গৰাকীয়ে ৷ ইয়াৰ পূৰ্বে হনীফ মহম্মদে লৰ্ডছত 1967 চনত অপৰাজিত 187 ৰান, জাবেদ মিয়াদাদে 1992 চনত এজবেষ্টনত অপৰাজিত 153 ৰান, আজহৰ আলীয়ে চাউথাম্পটনৰ চলিত মেচখনত অপৰাজিত 141 ৰান আৰু ইমৰান খান 1987 চনত অ’ভেলত 118 ৰান কৰিবলৈ সক্ষম হৈছিল ৷

লগতে চাওক-ষষ্ঠবাৰৰ বাবে চেম্পিনয়ছ লীগ চেম্পিয়ন বেয়ার্ন মিউনিখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.