স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ: পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ পাকিস্তানৰ বিৰুদ্ধে সপ্তমখন টি-20 ৰ পাচত প্ৰথমটো জয় লাভ কেংগাৰু দলটোৰ ৷ মেচখনত 7 উইকেটত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ ষ্টিভ স্মিথৰ অপৰাজিত অৰ্ধশতকীয় ইনিংছৰ বিনিময়তে জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ পাকিস্তানে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 150 ৰান ৷
পাকিস্তানৰ হৈ বাবৰ আজমে 50, ফখাৰ জমানে 2, হেৰিছ ছহেলে 6, মহম্মদ ৰিজৱানে 14, আছিফ আলীয়ে 4, ইমাদ ৱাছিমে 11 আৰু ইফতিকাৰ আহমদে সৰ্বাধিক অপৰাজিত 62 ৰান কৰিবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ এশ্বটন আগৰে 2 টা , কেন ৰিচাডচন আৰু পেট কামিন্সে 1 টা কৈ উইকেট দখল কৰে ৷
ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 18.3 অভাৰত 3 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ অষ্ট্ৰেলিয়াৰ জয়ত মুখ্য ভূমিকা পালন কৰে ষ্টিভ স্মিথে ৷ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছিল ৷ অহা 8 নৱেম্বৰত অনুষ্ঠিত হ’ব অন্তিমখন মেচ ৷
- লগতে চাওক- বাৰ্থডে বয় ‘বিৰাটৰ’ কেইখনমান বিশেষ ফটো