ETV Bharat / sports

বক্সিং ডে' টেষ্টত 25 হাজাৰ দৰ্শকৰ অনুমতি মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ

author img

By

Published : Oct 28, 2020, 5:19 PM IST

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগা বক্সিং ডে' টেষ্টত উপস্থিত থাকিব পাৰিব 25 হাজাৰ দৰ্শক ৷ মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ (MCC) এক চতুৰ্থাংশ আসন পূৰ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ৷

Aus vs Ind
মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড

স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ : মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ (MCC) এক চতুৰ্থাংশ আসন পূৰ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগা বক্সিং ডে' টেষ্টত ৷ কৰ'ণা ভাইৰাছৰ মাজতে আয়োজন কৰা ভাৰত বনাম অষ্ট্ৰেলিয়া টুৰ্ণামেন্টৰ পূৰ্বে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷

Aus vs Ind
ভাৰতীয় দল

উল্লেখ্য় যে, 27 নৱেম্বৰৰ পৰা 19 জানুৱাৰীলৈ ভাৰতে তিনিখন এদিনীয়া, তিনিখন টি-20 আৰু চাৰিখন টেষ্ট মেচৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ৷ বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে 17 ডিচেম্বৰৰ পৰা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখলৰ লক্ষ্যৰে এডিলেইডত টেষ্ট মেচৰ আৰম্ভণি কৰিব ৷ পৰৱৰ্তী মেচকেইখন অনুষ্ঠিত হ'ব মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড (26 ডিচেম্বৰ), ছিডনী ক্ৰিকেট গ্ৰাউণ্ড (7 জানুৱাৰী) আৰু গাব্বাত (15 জানুৱাৰী) ৷

টেষ্ট মেচ অনুষ্ঠিত হোৱা গ্ৰাউণ্ডত প্ৰৱেশৰ পূৰ্বে দুই ক্ৰিকেট দলৰ সদস্য আৰু অনুৰাগীসকলৰ সুৰক্ষাৰ বাবে ভিক্টৰিয়ান চৰকাৰ, মেলৱৰ্ণ ক্ৰিকেট ক্লাৱ আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াই COVIDSafe plan সাজু কৰি উলিয়াইছে ৷

Aus vs Ind
ভাৰতীয় দল

MCC ৰ মুখ্য প্ৰৱন্ধক ষ্টুৱাৰ্ট ফক্সে কয়, "আমাৰ নতুন COVIDSafe প্ৰট'কলৰ অধীনত MCG ত বক্সিং ডে' টেষ্ট আয়োজনৰ বাবে ভিক্টৰিয়ান চৰকাৰ আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সৈতে কাম কৰি আছো ৷"

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চেয়াৰমেন আৰ্ল এডিংছে কয়, "বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হৈছে টেষ্ট ক্ৰিকেটৰ মৰ্যাদাপূৰ্ণ ট্ৰফীসমূহৰ অন্যতম ৷ অতি প্ৰতিভাসম্পন্ন ভাৰতীয় দলৰ বিৰুদ্ধে এই যুঁজ সঁচাকৈয়ে লক্ষণীয় হ'ব ৷"

Aus vs Ind
ভাৰতীয় দল

ঐতিহাসিক মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডে অহা তিনিবছৰৰ বাবে টেষ্ট ক্ৰিকেট আয়োজনৰ অনুমতি লাভ কৰিছে ৷ ICC Future Tours Program ৰ মতে, 2021 চনত অষ্ট্ৰেলিয়াই ইংলেণ্ড আৰু 2022 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচৰ আয়োজন কৰিব ৷

উল্লেখ্যে যে, ইংলেণ্ডৰ বিৰুদ্ধে 1950 চনত প্ৰথমবাৰৰ বাবে MCG ত বক্সিং ডে' টেষ্ট আয়োজন কৰা হৈছিল ৷

লগতে পঢ়ক : প্লে' অফত প্ৰৱেশৰ লক্ষ্যৰে মুম্বাই আৰু বেংগালুৰৰ প্ৰতিদ্বন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.