স্পৰ্টছ ডেস্ক, ৯ মাৰ্চঃ আজি ইংলেণ্ডৰ বিৰুদ্ধে সন্মানৰ যুঁজত নামিছিল ভাৰতীয় মহিলা ক্ৰিকেট দল । প্ৰথম দুখন টি-২০ মেচত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচত অন্তিম টি-২০খনতো পৰাস্ত হয় ভাৰত । গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয়খন তথা অন্তিমখন টি-২০ ত ১ ৰানত পৰাস্ত হৈ হুৱাইট ৱাছৰ সন্মুখীন হয় মন্ধানা নেতৃত্বাধীন ভাৰতীয় মহিলা দলটো ।
টছত জয়ী হৈ ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১১৯ ৰান কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ অনুজা পাটিল আৰু হাৰলেন দেৱলে সৰ্বাধিক দুটাকৈ উইকেট দখল কৰিবলৈ সংক্ষম হয় । ইপিনে ভাৰতে এই লক্ষ্য অতিক্ৰম কৰিবলৈ আহি জয়ৰ নিচেই কাষ চাপে যদিও কেট ক্ৰছৰ সুন্দৰ বলিং ফলত অন্তিমটো অভাৰত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দলটো । ভাৰতে অন্তিমটো অভাৰৰ শেষৰ দুটা বলত দুটাকৈ উইকেট হেৰুৱায় ।