স্পৰ্টছ ডেস্ক, 6 মাৰ্চঃ অস্ত্ৰোপ্ৰচাৰৰ পিচত খেল পথাৰত প্ৰত্যাৱৰ্তন কৰিয়ে বিস্ফোৰক ইনিংছ খেলিবলৈ সক্ষম হৈছে অল ৰাউণ্ডাৰ বেটছমেন হাৰ্দিক পাণ্ডিয়াই ৷ চলিত ডি ৱাই পাটিল টি-20 প্ৰতিযোগিতাৰ ছেমিফাইনেল মেচত অপৰাজিত 158 ৰান কৰে খেলুৱৈগৰাকীয়ে ৷ বিপিচিএলৰ বিৰুদ্ধে ৰিলায়েন্স 1 ৰ হৈ এই বিস্ফোৰক ইনিংছ খেলিবলৈ সক্ষম হয় পাণ্ডিয়াই ৷ কেৱল 39 টা বলত শতক অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ৷ পাণ্ডিয়াৰ এই বিধ্বংসী ইনিংছত থাকে 20 টা আকাশলঙ্ঘী ছয় ৷
ইয়াৰ পূৰ্বেও এই টুৰ্ণামেণ্টতে 37 টা বলত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল পাণ্ডিয়াই ৷ বেংক অফ বৰোডাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল পাণ্ডিয়াই ৷ মেচখনত 39 টা বলত 105 ৰান সংগ্ৰহ কৰিছিল পাণ্ডিয়াই ৷