স্পৰ্টছ ডেস্ক, 30 অক্টোবৰ : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এবিডি ভিলিয়াৰ্ছে মুকলি কৰিলে 'THE FLAME' নামৰ এটি গীত ৷ গীতটিত তেওঁ মানৱীয় উদ্যম আৰু বৰ্ণ সমতা সম্পৰ্কত উল্লেখ কৰিছে ৷
আইপিএলত বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলৰ হৈ অংশগ্ৰহণ কৰি থকা ভিলিয়াৰ্ছে ইনষ্টাগ্ৰামৰ জৰিয়তে গানটোৰ প্ৰমো মুকলি কৰে ৷
-
Wrote this song with @karenzoid & the @ChoirAfrica . We’re all so different, but united we form the perfect picture!
— AB de Villiers (@ABdeVilliers17) October 30, 2020 " class="align-text-top noRightClick twitterSection" data="
Thanks @imVkohli @DaleSteyn62 @Tipo_Morris @KagisoRabada25 @yuzi_chahal & @AnrichNortje02 for leaving your comfort zones with me. https://t.co/WJj0DxNyMW
">Wrote this song with @karenzoid & the @ChoirAfrica . We’re all so different, but united we form the perfect picture!
— AB de Villiers (@ABdeVilliers17) October 30, 2020
Thanks @imVkohli @DaleSteyn62 @Tipo_Morris @KagisoRabada25 @yuzi_chahal & @AnrichNortje02 for leaving your comfort zones with me. https://t.co/WJj0DxNyMWWrote this song with @karenzoid & the @ChoirAfrica . We’re all so different, but united we form the perfect picture!
— AB de Villiers (@ABdeVilliers17) October 30, 2020
Thanks @imVkohli @DaleSteyn62 @Tipo_Morris @KagisoRabada25 @yuzi_chahal & @AnrichNortje02 for leaving your comfort zones with me. https://t.co/WJj0DxNyMW
দক্ষিণ আফ্ৰিকাৰ ৰক সংগীতজ্ঞ কাৰেন জইড আৰু য়ুথ কোয়েৰৰ দ্বাৰা ৰচিত গীতটিত বৰ্ণ সমতা সম্পৰ্কত সকলোকে উৎসাহিত কৰা হয় ৷
টুইটাৰৰ জৰিয়তে গানটো মুকলি কৰি ডি ভিলিয়াৰ্ছে লিখে, "আমি সকলো বহু বেলেগ, কিন্তু একেলগে আমি সম্পূৰ্ণ ৷"
এই ভিডিঅ'টোত বেংগালুৰ দলৰ অধিনায়ক বিৰাট কোহলী, ডেল ষ্টেইন, কাগিছো ৰাবাডা, ক্ৰিছ মৰিছ আৰু য়ুজবেন্দ্ৰ চাহালকো দেখিবলৈ পোৱা গৈছে ৷ আনহাতে, ভিডিঅ'টোৰ আৰম্ভণিতে ভিলিয়াৰ্ছৰ পুত্ৰকো দেখা পোৱা যায় ৷
লগতে পঢ়ক : দক্ষিণ চীন সাগৰত সমুদ্ৰ নিৰাপত্তা বেষ্টনী সুৰক্ষিত কৰিব আমেৰিকা যুক্তৰাজ্য, ইণ্ডোনেছিয়া