ETV Bharat / sports

বিশ্বকাপৰ ভাৰত-পাকিস্তান মেচৰ টিকটৰ বাবে অনুৰাগীৰ হাহাকাৰ

author img

By

Published : Feb 22, 2019, 1:05 AM IST

Updated : Feb 22, 2019, 1:33 AM IST

ইতিমধ্যে ৪ লাখ লোকে টিকটৰ বাবে আবেদন কৰিছে

ভাৰত-পাকিস্তান মেচকলৈ ক্ৰীড়া প্ৰেমীৰ মাজত দৌৰ

স্পৰ্টছ ডেস্ক,২১ ফেব্ৰুৱাৰী: পুলৱামা কাণ্ডই দেশজুৰি পাকিস্তান বিৰোধী হিংসাৰ জুই জ্বলোৱাৰ সমান্তৰালকৈ জোকাৰি গৈছে খেলজগতো । আগন্তুক বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচক লৈ বিভিন্ন বিতৰ্কৰ মাজতে আই চি চিয়ে প্ৰকাশ কৰিছে এক গুৰুত্বপূৰ্ণ তথ্য় । আই চি চিয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ক্ৰিকেট বিশ্বকাপত ১৬ মে'ত মানচেষ্টাৰত অনুষ্ঠিত হ'বলগীয়া ভাৰত-পাকিস্তানৰ মেচখনলৈ এই পৰ্যন্ত চাৰি লাখতকৈ অধিক টিকটৰ বাবে আবেদন পত্ৰ লাভ কৰিছে আই চি চিয়ে ।

কিন্তু এই আবেদন পত্ৰক লৈ বিপাঙত পৰিছে বৰ্তমান আই চি চি । কাৰণ খেল অনুষ্ঠিত হ'বলগীয়া মানচেষ্টাৰস্থিত অ'ল্ড ট্ৰাফৰ্ড ষ্টেডিয়ামৰ ধাৰণ ক্ষমতা মাত্ৰ ২৫,০০০ হাজাৰ । ইপিনে ২০১৯ বিশ্বকাপৰ ফাইনেল খেলখনৰ বাবে এতিয়ালৈকে ২.৭ লাখ টিকটৰ আবেদনপত্ৰ লাভ কৰিছে আই চি চিয়ে । উল্লেখ্য় যে, প্ৰথমবাৰৰ বাবে ভাৰত-পাক ক্ৰিকেট মেচ উপভোগৰ বাবে ৪ লাখ টিকটৰ আবেদনপত্ৰ লাভ কৰিছে আই চি চিয়ে । ইয়াকে লৈ এতিয়া বিপাঙত পৰিছে আই চি চি ।

Last Updated : Feb 22, 2019, 1:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.