ETV Bharat / sports

মুম্বাইৰ যুৱ ক্ৰিকেটাৰৰ আত্মহত্যা - মুম্বাইৰ যুৱ ক্ৰিকেটাৰৰ আত্মহত্যা

যুৱ ক্ৰিকেটাৰৰ আত্মহত্যা ৷ মলাড স্থিতি নিজ বাসগৃহত আত্মহত্যা খেলুৱৈগৰাকীৰ ৷ মুম্বাইৰ ৰঞ্জী দলৰ হৈ নেট্ছ বলিং কৰি আছিল খেলুৱৈগৰাকীয়ে ৷

27 year old cricketer from mumbai commits suicide

author img

By

Published : Aug 12, 2020, 8:52 PM IST

Updated : Aug 12, 2020, 9:31 PM IST

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : ক্ৰিকেটিং কেৰিয়াৰকলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকা মুম্বাইৰ যুৱ ক্ৰিকেটাৰৰ আত্মহত্যাৰ ঘটনা ৷ মলাড স্থিতি নিজ বাসগৃহত আত্মহত্যা খেলুৱৈগৰাকীৰ ৷ মঙলবাৰে সন্ধিয়া ভাগত এই ঘটনাৰ খবৰ পোৱা যায় ৷ কৰণ তিৱাৰী নামৰ খেলুৱৈগৰাকীয়ে মুম্বাইৰ ৰঞ্জী দলৰ বাবে নেট্ছত বলিং কৰি আছিল বুলি জানিবলৈ পৰা গৈছে ৷

27 year old cricketer from mumbai commits suicide
আশীষ নেহৰাৰ সৈতে কৰণ তিৱাৰী

অৱশ্যে এতিয়াও তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই যদিও কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ মানসিক অৱসাদ বুলিয়ে অনুমান কৰা হৈছে ৷

খবৰ অনুসৰি, 27 বছৰীয়া তিৱাৰী খেলুৱৈ এগৰাকী ফিট ক্ৰিকেটাৰ হোৱাৰ লগতে দক্ষিণ আফ্ৰিকাৰ ডেইল ষ্টেইনৰ দৰে বলিং কৰিছিল ৷ লগতে খেলুৱৈগৰাকীয়ে মুম্বাই দলৰ গ্ৰাউণ্ডত প্ৰায়ে নিয়মিত অনুশীলন কৰাৰ লগতে ঘণ্টা-ঘণ্টা জুৰি নেট্ছত বলিং কৰিছিল বুলি জানিবলৈ পৰা গৈছে ৷

কৰণ তিৱাৰী
কৰণ তিৱাৰী

উল্লেখ্য যে, এক মধ্যবৃত্ত পৰিয়ালত জীৱিকা-নিৰ্বাহ কৰিছিল প্ৰয়াত খেলুৱৈগৰাকী ৷ তেওঁ মাতৃ আৰু ভাতৃৰ সৈতে বসবাস কৰি আছিল ৷ এই ঘটনাৰ পাচতেই কুৰ্লা আৰক্ষীয়ে এক আকস্মিক মৃত্যু ঘটনাৰ গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত কোনো চুইচাইড নোট উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে চাওক-2021, 2022 চনতো ধোনী চেন্নাই দলৰ অংশ হৈ থাকিব বুলি আশা কৰো : বিশ্বনাথন

Last Updated : Aug 12, 2020, 9:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.