ETV Bharat / sports

BCCI selectors to hike salary : দুগুণ বৃদ্ধি কৰা হ'ব বিচিচিআইৰ নিৰ্বাচকৰ দৰমহা

author img

By

Published : Jul 1, 2023, 1:35 PM IST

Updated : Jul 1, 2023, 1:42 PM IST

চেতন শৰ্মাৰ পদত্যাগৰ পাছতে বিচিচিআইৰ মুখ্য নিৰ্বাচকৰ পদ খালী হৈ আছে । ভৱা ধৰণে প্ৰাক্তন খেলুৱৈয়ে সেই পদৰ বাবে আবেদন জনোৱা নাই । যাৰ বাবে নিৰ্বাচকৰ দৰমহা দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বিচিচিআইয়ে । বৰ্তমান নিৰ্বাচকে বছৰি লাভ কৰে ৯০ লাখ টকা ।

BCCI selectors to hike salary
দুগুণ বৃদ্ধি কৰা হ'ব বিচিচিআইৰ নিৰ্বাচকৰ দৰমহা

স্পৰ্টছ ডেস্ক,১ জুলাই : বিচিচিআইৰ মুখ্য নিৰ্বাচকৰ বাছনিক লৈ দেশজুৰি ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে । কোন হ'ব মুখ্য নিৰ্বাচক তাক লৈও বিভিন্ন মহলত চৰ্চা চলি আছে । তাৰ মাজতে এক বিশেষ তথ্য পোহৰলৈ আহিছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআইয়ে অধিক প্ৰভাৱশালী খেলুৱৈক নিৰ্বাচকৰ আসনৰ প্ৰতি আকৰ্ষণৰ বাবে বিশেষ পদক্ষেপ লৈছে ।

বিচিচিআইয়ে নিৰ্বাচকসকলৰ পাৰিশ্ৰমিক দুগুণ কৰাৰ সম্ভাৱনা আছে । নিৰ্বাচকৰ বাবে কিছুমান নাম পোহৰলৈ অহাৰ পাছতে বিচিচিআইয়ে পাৰিশ্ৰমিক বৃদ্ধিৰ এই সিদ্ধান্তটো লৈছে । নিৰ্বাচকসকলৰ পাৰিশ্ৰমিক বৃদ্ধি কৰা হ'ব যদিও এতিয়াও নিশ্চিত হোৱা নাই যে কিমান বৃদ্ধি কৰা হ'ব ।

বৰ্তমান নিৰ্বাচকসকলক বছৰি ৯০ লাখকৈ টকা পৰিশোধ কৰা হয় আনহাতে অধ্যক্ষই পাৰিশ্ৰমিক হিচাপে প্ৰতি বছৰে ১ কোটি টকা লাভ কৰে । এতিয়াৰে পৰা তেওঁলোকে কিমান কৈ পাৰিশ্ৰমিক পাব সেয়া নিশ্চিত হোৱা নাই যদিও শীৰ্ষ খেলুৱৈসকলক আকৰ্ষিত কৰিবলৈ নিৰ্বাচকসকলৰ দৰমহা দুগুণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে । যাৰ বাবে বিচিচিআইয়ে ৫ গৰাকী উপযুক্ত নিৰ্বাচক লাভ কৰিবলৈ সক্ষম হ'ব বুলিও আশা কৰা হৈছে ।

কেইমাহমান পূৰ্বে এটা ৰাষ্ট্ৰীয় চেনেলৰ ষ্টিং অপাৰেচনৰ পাছতে নিৰ্বাচকৰ সমিতিৰ অধ্যক্ষ চেতন শৰ্মাই পদত্যাগ কৰিছিল । তাৰ পাছতে বিচিচিআইয়ে নিৰ্বাচকৰ আসনৰ বাবে প্ৰাক্তন খেলুৱৈসকলৰ পৰা আবেদন বিচাৰিছিল ।

শৰ্মাৰ পদত্যাগৰ পাছত বৰ্তমান ৪ গৰাকী নিৰ্বাচক আছে । তেওঁলোক হৈছে শিৱ সুন্দৰ দাস, সুব্ৰত বেনাৰ্জী, সলিল আঙ্কোলা আৰু শ্ৰীধৰণ শৰথ । শিৱ সুন্দৰ দাসে সমিতিৰ অন্তৱৰ্তীকালীন অধ্যক্ষৰ দায়িত্ব পালন কৰি আছে । অৱশ্যে, শৰ্মাৰ পদত্যাগৰ পাছত সেই খালী হৈ থকা পদ পূৰণৰ বাবে নিৰ্বাচক সমিতিৰ নতুন অধ্যক্ষ হ'বলৈ সাজু হৈছে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ অজিত আগাৰকাৰ । ভাৰতৰ প্ৰাক্তন অফ্ স্পীনাৰ মনিন্দৰ সিঙকো মুখ্য নিৰ্বাচকৰ আশাত থকা দেখা গৈছে ।

লগতে পঢ়ক :BCCI chief selectors post; মনিন্দৰ নে আগাৰকাৰ ? কোন হ’ব ভাৰতীয় ক্ৰিকেটৰ মুখ্য নিৰ্বাচক !

Last Updated : Jul 1, 2023, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.