ETV Bharat / sports

টেষ্ট শৃংখলাৰ টীম ইণ্ডিয়া দল ঘোষণা : ৰোহিত শৰ্মাক এদিনীয়া, টি-২০ অধিনায়কৰ দায়িত্ব অৰ্পণ

author img

By

Published : Dec 8, 2021, 10:30 PM IST

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াৰ তালিকা ঘোষণা বি চি চি আইৰ । বিৰাট কোহলীক টেষ্ট দলৰ অধিনায়ক আৰু ৰোহিত শৰ্মাক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ ।

bcci-announces-18-member-squad-for-test-series-against-south-africa
টেষ্ট শৃংখলাৰ টীম ইণ্ডিয়া দল ঘোষণা

স্পৰ্টছ ডেস্ক, 6 ডিচেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে চমুকৈ বি চি চি আয়ে টি-২০ শৃংখলাৰ পাছত ৰোহিত শৰ্মাক প্ৰথমবাৰলৈ এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত এদিনীয়া শৃংখলাৰ অধিনায়ক হ'ব ৰোহিত শৰ্মা । বি চি চি আইয়ে বুধবাৰে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া তিনিখনীয়া শৃংখলাৰ তালিকা ঘোষণা কৰি এই কথা প্ৰকাশ কৰে ৷

বি চি চি আইয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে বি চি চি আইয়ে ঘোষণা কৰা টীম ইণ্ডিয়াৰ টেষ্ট দলটো হৈছে বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (উপ-অধিনায়ক), কে এল ৰাহুল, মায়াংক আগৰৱালা, চেতেশ্বৰ পুজাৰা, আজিংক্য ৰাহানে, শ্ৰেয়াছ আয়াৰ, হনুমা বিহাৰী, ঋষভ পন্ত, ঋদ্ধিমান সাহা, ৰবিচন্দ্ৰন অশ্বিন, জয়ন্ত যাদৱ, ঈশান্ত শৰ্মা, মহম্মদ ছামী, উমেশ যাদৱ, জছমীত বুমৰাহ, শ্বাহদুল ঠাকুৰ, আৰু মহম্মদ ছিৰাজ ।

টি-২০ বিশ্বকাপৰ পিছত ৰোহিত শৰ্মাক ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰাৰ আশা কৰা হৈছিল ৷ এইবাৰ টি-২০ ফৰ্মেটৰ দায়িত্ব ৰোহিত শৰ্মাক অৰ্পণ কৰাত সেই সম্ভাৱনা যেন এতিয়া বাস্তৱায়িত হৈছে ৷ ৰোহিত শৰ্মাক বি চি চি আইয়ে টি-20 ৰ লগতে এতিয়া এদিনীয়া দলৰ অধিনায়কৰো দায়িত্ব অৰ্পণ কৰিছে ৷ আনহাতে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী এতিয়া কেৱল টেষ্ট দলৰহে অধিনায়ক হ'ব ।

  • Squad: Virat Kohli (Capt),Rohit Sharma(vc), KL Rahul, Mayank Agarwal, Cheteshwar Pujara, Ajinkya Rahane, Shreyas Iyer, Hanuma Vihari, Rishabh Pant(wk), Wriddhiman Saha(wk), R Ashwin, Jayant Yadav, Ishant Sharma, Mohd. Shami, Umesh Yadav, Jasprit Bumrah, Shardul Thakur, Md. Siraj. pic.twitter.com/6xSEwn9Rxb

    — BCCI (@BCCI) December 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ লগতে ৰোহিত শৰ্মাৰ নেতৃত্বত যে টীম ইণ্ডিয়াই ২০২৩ৰ ৫০ অভাৰৰ বিশ্বকাপত অৱৰ্তীণ হ’ব সেয়া নিশ্চিত হৈ পৰিছে ৷ আনহাতে ৰাহুল চাহাৰ, শুভমান গিল, অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাৰ নাম আঘাতৰ বাবে টীম ইণ্ডিয়াৰ পৰা কৰ্তন কৰা হৈছে ৷ আনহাতে নৱদীপ চাইনী, সৌৰভ কুমাৰ, দীপক চাহাৰ, অৰ্জন নাগৱাছৱালাক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে নামাকৰণ কৰা হৈছে ।

উল্লেখ্য যে, টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাত তিনিখন টেষ্ট মেচ, তিনিখন এদিনীয়া শৃংখলা খেলিব ৷ ইয়াৰ পাছত বি চি চি আইয়ে বুধবাৰে কেৱল টেষ্ট দলৰহে নাম ঘোষণা কৰিছে ৷ এদিনীয়া দলৰ নাম পাছতহে ঘোষণা কৰিব বি চি চি আইয়ে ৷

প্ৰথম টেষ্ট : 26-30 ডিচেম্বৰ 2021, চেঞ্চুৰিয়ান

দ্বিতীয় টেষ্ট : 3-7 জানুৱাৰী 2022 জোহান্সবাৰ্গ

তৃতীয় টেষ্ট: 11-15 জানুৱাৰী, 2022, কেপ টাউন

লগতে পঢ়ক : প্ৰতিটো ফৰমেটত ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ বিজয়ী প্ৰথমগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.