স্পৰ্টছ ডেস্ক, ৩ অক্টোবৰ : ৰুতুৰাজ গায়কোৱাড় নেতৃত্বাধীন যুৱ ভাৰতীয় পুৰুষ ক্ৰিকেট দলে এছিয়ান গেমছত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছে । চলিত এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেলত নেপালক ভাৰতে ২৩ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ।
নেপালৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় অধিনায়ক ৰুতুৰাজ গায়কোৱাড়ে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় । ভাৰতৰ বিস্ফোৰক অপেনিং বেটছমেন যশস্বী জয়ছোৱালে আঠটা বাউণ্ডেৰী আৰু সাতটা ছয়েৰে বিস্ফোৰক শতক অৰ্জন কৰে । ভাৰতে নিৰ্ধাৰিত ২০ অ'ভাৰত ৪ উইকেটৰ বিনিময়ত ২০২ ৰাণ সংগ্ৰহ কৰে । হাংঝৌত এইটো আছিল জয়ছোৱালৰ এক ঐতিহাসিক বেটিং প্ৰদৰ্শন । তেওঁ নেপালৰ বলাৰসকলক এফালৰ পৰা আক্ৰমণ কৰি যায় । ছাউথপাৱ বেটছমেনজনে উদ্যানৰ চাৰিওফালে চাৰি আৰু ছয়ৰ বৰষুণেৰে নেপালৰ বলাৰসকলক তীব্ৰ আক্ৰমণ কৰে ।
অৱশ্যে অধিনায়ক ৰুতুৰাজ গাইকোৱাড়ে যেনেদৰে নিজৰ ইনিংছ আৰম্ভণি কৰিছিল সেয়া আগবঢ়াই নিয়াত বিফল হয় । তেওঁ ২৩ টা বলত ২৫ ৰাণ কৰি আউট হয় । আনহাতে, তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা যুৱ তাৰকা তিলক বাৰ্মা (২) অতি কম সময়তে পেভিলিয়নমুখী হয় আৰু উইকেটৰক্ষক জিতেশ শৰ্মায়ো (৫) সফল হ'ব নোৱাৰিলে ।
কিন্তু এটা মূৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে উইকেটৰ পতন ঘটিলেও জয়ছোৱালক তেওঁৰ নিজৰ শ্বট খেলাত একোৱে বাধা দিব পৰা নাছিল । তেওঁ শিৱম ডুবেৰ (১৯ টা বলত ২৫ নট আউট) সৈতে এক যুটি বান্ধে আৰু দুয়োৱে ভাৰতৰ ইনিংছ ১৫০ ৰাণৰ সীমাত উপনীত কৰায় ।
অবিনাশ বোহাৰাৰ আয়ত্ত কৰা কেছত জয়ছোৱালে বিদায় লোৱাৰ পিছত ৰিংকু সিঙে আহি পুনৰ আক্ৰমণৰ নেতৃত্ব গ্ৰহণ কৰে । ৰিংকুৱে ১৫ টা বলত অপৰাজিত ৩৭ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ এই মাৰমুখী ইনিংছৰ বাবেই ৰুতুৰাজ গায়কোৱাড় নেতৃত্বাধীন ভাৰতীয় দলটোৱে ২০০ ৰাণৰ সীমা অতিক্ৰম কৰে।
ইয়াৰ পিছত আছিল ভাৰতীয় বলাৰৰ পাল । ২০৩ ৰাণৰ বিজয় লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নমা নেপালক ভাৰতীয় বলাৰসকলে ৯ উইকেটত ১৭৯ ৰাণতে সীমাবদ্ধ কৰি ৰাখে । আবেশ খান আৰু ৰবি বিষ্ণোৱে তিনিটাকৈ উইকেট দখল কৰে । আনহাতে, পেচাৰ অৰ্শদীপ সিং আৰু স্পিনাৰ আৰ সাই কিশোৰে এটাকৈ উইকেট দখল কৰে ।
ভাৰতীয় বলাৰৰ সন্মুখত নেপালে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায় আৰু অৱশেষত লক্ষ্যৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হয় ।
লগতে পঢ়ক :Asian Games 2023: পেৰিছ অলিম্পিকত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি ৰিঙত নামিব লাভলীনা