স্পৰ্টছ ডেস্ক, ২০ আগষ্ট : শ্ৰীলংকাত নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব পাকিস্তান(Pakistan) আৰু আফগানিস্তান(Afghanistan)ৰ মাজত এদিনীয়া শৃংখলা । যোৱা সপ্তাহত তালিবানে কাবুল দখল কৰাৰ পাছতো আফগানিস্তানৰ দলটোৱে এদিনীয়া শৃংখলাত অংশ ল'বলৈ সাজু হৈছে বুলি জানিবলৈ দিছে দেশখনৰ ক্ৰিকেট ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হামিদ শিনৱাৰী(Hamid Shinwari)য়ে ।
তেওঁ কয় যে, আফগান ক্ৰিকেট দলটোৱে খুব ভাল প্ৰদৰ্শন কৰি আছে । ক্ৰিকেট দলটোৱে এদিনীয়া শৃংখলাৰ বাবে প্ৰস্তুতি চলাই আছে । আফগানিস্তান ক্ৰিকেট ব'ৰ্ড(Afghanistan Cricket Board)ৰ তৰফৰ পৰা শীঘ্ৰেই শ্ৰীলংকালৈ এটা দল প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । শিনৱাৰীয়ে কয় যে, আফগানিস্তানত বৰ্তমান পৰিস্থিতি সুস্থিৰ নহয় আৰু সেয়ে বিমান পৰিবহণৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিলক্ষিত হৈছে । লগতে বিমানৰ উপলব্ধতাৰ ক্ষেত্ৰতো সমস্যা আহি পৰিছে ।
শ্ৰীলংকালৈ যোৱাৰ বাবে বিমান উপলব্ধ হোৱাৰ লগে লগে আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ এটা দল শ্ৰীলংকালৈ উৰা মাৰিব বুলি হামিদ শিনৱাৰীয়ে মন্তব্য কৰে । তেওঁ লগতে জানিবলৈ দিয়ে, দেশখনৰ ক্ৰিকেট খেলুৱৈসকলে বৰ্তমান কাবুলত একত্ৰিত হৈছে আৰু এদিনীয়া শৃংখলাৰ বাবে প্ৰস্তুতি চলাই আছে ।
আগন্তুক চাৰি দিনৰ ভিতৰত দলটো শ্ৰীলংকা অভিমুখে ৰাওনা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । পাকিস্তান ক্ৰিকেট ব'ৰ্ড আৰু শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডৰ সৈতে আফগানিস্তান ক্ৰিকেট ব'ৰ্ডে যোগাযোগ কৰিছে । লগতে আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হামিদ শিনৱাৰী শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে আৰু তেওঁলোক উদাৰ বুলি মন্তব্য কৰে । এদিনীয়া শৃংখলাৰ তিনিওখন খেল হাম্বানটোটাত অনুষ্ঠিত হ'ব ।