স্পৰ্টছ ডেস্ক, 3 আগষ্ট : ভাৰতীয় পুৰুষ বেডমিন্টন যুটী স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে শনিবাৰে ফাইনেলত স্থান সুনিশ্চিত কৰিছে ৷ ছেমি ফাইনেলৰ যুঁজত ভাৰতীয় যুটিটোৱে দক্ষিণ কোৰিয়াৰ কে. ছুং হুৱান আৰু ছিন বেইক ছিয়লক 22-20, 22-24, 21-9 ছেটত পৰাস্ত কৰে ৷
উল্লেখ্য যে, থাইলেণ্ড অ'পেনত বৰ্তী ৰোৱা একমাত্ৰ দুজন ভাৰতীয় ৰনকিৰেড্ডী আৰু ছেট্টীয়ে আগষ্টৰ 4 তাৰিখে ফাইনেলত অৱতীৰ্ণ হ'ব ৷
এঘন্টা আৰু তিনি মিনিটৰ যুঁজত ভাৰতীয় যুটিটোৱে প্ৰথম দুটা ছেটত প্ৰতিটো পইন্ট সংগ্ৰহৰ বাবে দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দীৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৷ ভাৰতীয় তাৰকা শ্বাটলাৰ ছাইনা নেহৱাল, পাৰুপল্লী কাশ্যপ, কিডাম্বি শ্ৰীকান্ঠ, ছাই প্ৰনীঠ আৰু এইছ. এছ. প্ৰণয়ে পূৰ্বেই ইতিপূৰ্বে টুৰ্ণামেন্টৰ পৰা বিদায় মাগিছে ৷ আগষ্টৰ 4 তাৰিখে স্বৰ্ণ পদকৰ মেচত ভাৰতীয় যুটিটোৱে জয়ৰ লক্ষ্যৰে যুঁজত নামিব ৷