ETV Bharat / sports

ভাৰতীয় বেডমিণ্টনৰ দুই পঞ্চ তাৰকা ছাইনা আৰু সিন্ধু

author img

By

Published : Apr 2, 2020, 9:52 AM IST

ভাৰতৰ বেডমিণ্টন জগতৰ দুই অন্যতম তাৰকা খেলুৱৈ হৈছে ছাইনা নেহৱাল আৰু পি.ভি. সিন্ধু । দুই খেলুৱৈৰ জানক আমাৰ এই প্ৰতিবেদনত ।

ভাৰতীয় বেডমিণ্টনৰ দুই পঞ্চ তাৰকা ছাইনা আৰু সিন্ধু
ভাৰতীয় বেডমিণ্টনৰ দুই পঞ্চ তাৰকা ছাইনা আৰু সিন্ধু

স্পৰ্টছ ডেস্ক, ২ এপ্ৰিলঃ বিশ্ব বেডমিণ্টন জগত নিজৰ নাম সুপ্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা দুই মহিলা ভাৰতীয় শ্বাটলাৰ হৈছে ছাইনা নেহৱাল আৰু পি.ভি. সিন্ধু । ভাৰতীয় বেডমিণ্টনক নতুন মাত্ৰা প্ৰদানত উল্লেখ্যনীয় ভূমিকা পালন কৰিছে দুই খেলুৱৈয়ে । ছাইনা য'ত বিশ্ব চেম্পিয়নৰ ফাইনেলৰ প্ৰথম ভাৰতীয় খেলুৱৈ ইয়াৰ বিপৰীতে অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথম মহিলা খেলুৱৈ হৈছে সিন্ধু ।

আহক জানো দুই খেলুৱৈৰ কিছু কথা-

ছাইনা নেহৱালঃ ১৯৯০ চনৰ ১৭ মাৰ্চত হিচাৰ জিলাত জন্মগ্ৰহণ কৰিছিল ছাইনাই । ছাইনাৰ পিতৃ হৰিবীৰ নেহৱাল আৰু মাতৃ উষা নেহৱাল ৰাজ্যিক পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ আছিল । ১৩ বছৰ বয়সতেই বেডমিন্টনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ছাইনাই । আনহাতে ২০০৬ চনত যেতিয়া BWF চুপাৰছিৰিজ আৰম্ভ হৈছিল তেতিয়াই এগৰাকী পেচাদাৰী খেলুৱৈ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ছাইনাই । তেতিয়াৰ পৰা আৰু পিচ হুহুকি চোৱা নাই এই প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ।

ছাইনা নেহৱাল
ছাইনা নেহৱাল

ইয়াৰ পাচতেই অলিম্পিকত ভাৰতৰ হৈ বেডমিণ্টনত প্ৰথম পদক লাভ কৰিবলৈ সক্ষম হয় ছাইনাই । আনহাতে BWF বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান লাভ কৰাও প্ৰথম খেলুৱৈৰ কৃতিত্ব অৰ্জন কৰে ছাইনাই । ইয়াৰ লগতে ছুপাৰ ছিৰিজ খিতাপ দখল কৰা প্ৰথম ভাৰতীয়ৰ লগতে প্ৰথম ভাৰতীয় খেলুৱৈ যিয়ে কমনেৱলথ গেম্ছত ২০১০ আৰু ২০১৮ চনত দুবাৰকৈ মহিলাৰ ছিংগলছ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।

২০১০ চনত দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ছাইনা নেহৱালে । ৫ খন আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিছিল খেলুৱৈগৰাকীয়ে । ২০১২ চনতো খেলুৱৈগৰাকীয়ে উন্নত প্ৰদৰ্শন কৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা জয় লাভ কৰিবলৈ সক্ষম হৈছিল । এই বৰ্ষতেই লণ্ডন অলিম্পিকত ভাৰতৰ বাবে ব্ৰঞ্জ পদক আঁজুৰি আনিছিল ছাইনাই ।

ছাইনা
ছাইনা

ইয়াৰ পাচতেই নানাত আঘাতৰ সমস্যাত জৰ্জৰিত হৈ বহু সময় কৰ্টৰ পৰা বাহিৰ থাকিবলগীয়া হয় খেলুৱৈগৰাকী । ২০১৪ চনত পুনৰ শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ইণ্ডিয়ান গ্ৰেণ্ড প্ৰি গল্ড, অষ্ট্ৰেলিয়া বেডমিণ্টন অ'পেন আৰু চাইনা অ'পেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । ২০১৫ চনত ইণ্ডিয়া অ'পেন আৰু ছৈয়দ মোডী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ লাভ কৰে । বৰ্তমান আঠুৰ আঘাতৰ বাবে বহু কেইটা টুৰ্ণামেণ্টৰ সলনি কিছু সংখ্যক চেম্পিয়নশ্বিপত হে অংশ লোৱা দেখা যায় ছাইনাক । শেষবাৰৰ বাবে ২০১৯ চনত ইণ্ডোনেছিয়া অ'পেনৰ খিতাপ দখল কৰিছে ছাইনাই ।

ছাইনা
ছাইনা

পদকঃ ভাৰত চৰকাৰৰ পৰা ছাইনা নেহৱালক বৰ্তমানলৈকে ৪ টাকৈ পদকেৰে সন্মানিত কৰা হৈছে । ২০০৯ চনত অৰ্জুন বঁটা, ২০১০ চনত পদ্মশ্ৰী বঁটাৰ লগতে ভাৰতীয় ক্ৰীড়াজগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা । ২০১৬ চনত পদ্ম ভূষণ প্ৰদান কৰা হয় এই প্ৰতিভাৱান খেলুৱৈগৰাকীক ।

পি.ভি সিন্ধুঃ ভাৰতীয় বেডমিণ্টনৰ অন্যতম তাৰকা হৈছে পি.ভি সিন্ধু । ১৯৯৫ চনৰ ৫ জুলাইত হায়দৰাবাদৰ তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সিন্ধুৱে । পিতৃ পি.ভি. ৰমন আৰু মাতৃ পি. বিজয়া এগৰাকী বাস্কেটবল খেলুৱৈ আছিল । আনহাতে তেওঁৰ জেষ্ঠ ভগ্নী হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেণ্ড বল খেলুৱৈ ।

ভাৰতীয় খেলুৱৈ সিন্ধু
ভাৰতীয় খেলুৱৈ সিন্ধু

ছয় বছৰ বয়সৰ পৰাই খেলৰ লগত জড়িত হৈ পৰিছিল সিন্ধু । পুলেলা গুপিচান্দৰ অনুসৰণ কৰিয়ে বেডমিণ্টন খেলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল সিন্ধুৱে । সেই সময়ত ২০০১ চনত গুপিচান্দে এল ইংলেণ্ড অ'পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল । সিন্ধুৱে প্ৰথমে মেহবুব আলীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণৰ পাচত গুপিচান্দ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে । প্ৰশিক্ষণ বাবে প্ৰথম অৱস্থাত প্ৰায় ৫৬ কিলোমিটাৰ দূৰ অতিক্ৰম কৰিছিল ।

পি.ভি সিন্ধু
পি.ভি সিন্ধু

প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ২০১২ চনত । যেতিয়া বিশ্বৰ বিংশ সংখ্যক খেলুৱৈৰ তালিকাত নাম সন্নিৱিষ্ট হৈছিল সিন্ধুৰ । সেই সময়ত সিন্ধুৰ বয়স আছিল মাত্ৰ ১৭ বছৰ । সিন্ধু হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ যিয়ে ২০১৩ চনত BWF বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছত পদক জিনিবলৈ সক্ষম হৈছিল । আনহাতে বিশ্ব চেম্পিয়নশ্বিপৰ ৬ খন মেচৰ ৫ খনত পদক লাভ কৰা এক অন্য অভিলেখো আছো সিন্ধুৰ নামত । ২০১৯ চনত স্বৰ্ণ, ২০১৭-১৮ ত ৰূপ, ২০১৩-১৪ চনত ব্ৰঞ্জ পদক । আনহাতে অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হৈছে সিন্ধু । ৰিঅ' অলিম্পিকত ২০১৬ চনত এই কৃতিত্ব অৰ্জন কৰিছিল খেলুৱৈগৰাকীয়ে ।

সিন্ধু
সিন্ধু

পদকঃ পি.ভি সিন্ধুক ভাৰত চৰকাৰৰ পৰা ২০১৩ চনত অৰ্জুন পুৰস্কাৰেৰে সন্মানিত কৰাৰ লগতে ২০১৫ চনত পদ্মশ্ৰী, ২০১৬ চনত খেল ৰত্ন আৰু শেহতীয়াকৈ ২০২০ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় ।

ছাইনা বনাম সিন্ধুঃ

যেতিয়া দুয়ো খেলুৱৈ ইজনে সিজনৰ মুখামুখি হয় তেতিয়া দুয়োৰে মাজত দেখা পোৱা যায় তীব্ৰ প্ৰতিদ্বন্দিতা ।

  • 2014 India GP Gold: ছাইনা নেহৱাল বিজয়ী, ২১-১৪, ২১-১৭
  • 2017 India Open: সিন্ধু বিজয়ী, 21 ২১-১৬, ২২-২০
  • 2018 Indonesia Masters: ছাইনা বিজয়ী, ২১-১৩, ২১-১৯
  • 2018 Commonwealth Games: ছাইনা বিজয়ী, ২১-১৮, ২৩-২১

ছাইনাই বৰ্তমানলৈকে ৬২৮ খন মেচৰ ভিতৰত ৪৩৩ খন মেচত জয় লাভ কৰাৰ বিপৰীতে সিন্ধুৱে জ. লাভ কৰিবলৈ সক্ষম হৈছে ৪৬৫ খনৰ ৩২৬ খন মেচ । ছাইনাৰ বিজয়ৰ শতকৰা হাৰ ৬৮.৯ শতাংশ হোৱাৰ বিপৰীতে সিন্ধুৰ বিজয়ৰ হাৰ হৈছে ৭০.১০ শতাংশ ।

অলিম্পিকৰ স্বৰ্ণ পদক জয় নকৰালৈকে হাৰ নামানো : মেৰী কম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.