স্পৰ্টছ ডেস্ক, 22 এপ্ৰিল : The Badminton World Federation (BWF) বুধবাৰে বিশ্ব চেম্পিয়ন পি. ভি. সিন্ধুক 'I am Badminton' নামৰ সজাগত অভিযানৰ এগৰাকী এম্বেচাদৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ ইয়াৰ জৰিয়তে খেলুৱৈসকলক বেডমিন্টনৰ প্ৰতি তেওঁলোকৰ প্ৰেম আৰু সন্মান তথা এই খেলবিধক নিকা আৰু সৎ উপায়েৰে খেলিবলৈ প্ৰতিজ্ঞাবদ্ধ কৰিব ৷
![বিশ্ব চেম্পিয়ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/pv-sindhu_2204newsroom_1587565702_294.jpeg)
এই সম্পৰ্কত 24 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে কয় যে, নিকা আৰু সৎ উপায়েৰে যিকোনো খেলত অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷ তেওঁ কয়, "এই বাৰ্তাটো এটা স্বৰেৰে আৰম্ভ হৈছে ৷ আমি এম্বেচাদৰ হিচাপে যদি এই বিষয়টো সকলোৰে মাজত প্ৰতিফলিত কৰিব পাৰো, তেন্তে সকলো খেলুৱৈৰ মাজলৈ এই বাৰ্তাটো প্ৰসাৰিত হ'ব ৷ নিকা উপায়েৰে খেলাটো অতি গুৰুত্বপূৰ্ণ ৷"
![বিশ্ব চেম্পিয়ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/sindhu2_2204newsroom_1587565702_827.jpg)
পাঁচ বছৰ পূৰ্বে BWF's Integrity Unit গঠন হৈছিল আৰু এইবছৰ সংহতি সম্পৰ্কত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে BWF এ ৷
সিন্ধুৰ উপৰিও এই সজাগতা অভিযানৰ অন্য এম্বেচাদৰসকল হ'ল কানাডাৰ মিচেল লি, চীনৰ জেং ছি ৱেই আৰু হোৱাং য়া কিয়ং, ইংলেণ্ডৰ জেক শ্বেফাৰ্ড, জাৰ্মানীৰ ভালেস্কা নবলাউচ, হংকঙৰ চেন হো য়ুয়েন আৰু জাৰ্মানীৰ মাৰ্ক ৱিবলাৰ ৷