ETV Bharat / sports

থমাছ উবাৰ কাপত অংশগ্ৰহণ কৰিবলৈ সন্মত পি. ভি. সিন্ধু - টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

থমাছ উবাৰ কাপত অংশগ্ৰহণ কৰিবলৈ সন্মত পি. ভি. সিন্ধু ৷ টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা কৰে ভাৰতীয় বেডমিন্টন এচ'ছিয়েচনৰ (BAI)সভাপতি হিমন্ত বিশ্ব শৰ্মাই ৷

পি. ভি. সিন্ধু
পি. ভি. সিন্ধু
author img

By

Published : Sep 8, 2020, 1:35 AM IST

স্পৰ্টছ ডেস্ক, 8 ছেপ্তেম্বৰ : থমাছ উবাৰ কাপত অংশগ্ৰহণ কৰিব তাৰকা শ্বাটলাৰ পি. ভি. সিন্ধুয়ে ৷ সোমবাৰে এই কথা নিশ্চিত কৰে ভাৰতীয় বেডমিন্টন এচ'ছিয়েচনৰ (BAI)সভাপতি হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, পূৰ্বে সিন্ধুয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা বিৰত থাকিব বুলি মন্তব্য় কৰিছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত অংশগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

থমাছ উবাৰ কাপত অংশগ্ৰহণ কৰিবলৈ সন্মত পি. ভি. সিন্ধু
হিমন্ত বিশ্ব শৰ্মা

শৰ্মাই টুইটাৰৰ জৰিয়তে কয়, "মই পি. ভি. সিন্ধুক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিলো যিহেতু আমি ড্ৰ' খেলিছো আৰু মেডেল জিকাৰ সম্পূৰ্ণ সুযোগ আছে ৷ তেওঁ মোৰ অনুৰোধত সন্মতি জনাইছে আৰু দেশৰ বাবে খেলিবলৈ তেওঁ পৰিয়ালৰ অনুষ্ঠান পূৰ্বেই অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে ৷"

থমাছ উবাৰ কাপত অংশগ্ৰহণ কৰিবলৈ সন্মত পি. ভি. সিন্ধু
পি. ভি. সিন্ধু

উল্লেখ্য যে, থমাছ আৰু উবাৰ কাপ, 2020 ডেনমাৰ্কৰ আৰহাছত 3 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ অনুষ্ঠিত হ'ব ৷ বিশ্ব চেম্পিয়ন শ্বাটলাৰগৰাকীয়ে যোৱা মাহৰ পৰা পুনৰ অনুশীলনত অংশগ্ৰহণ কৰিছিল ৷

শনিবাৰে বেংক অৱ বৰোডাৰ এক অফিচিয়েল একাউন্টৰ পৰা ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে সিন্ধুয়ে কৈছিল যে, তেওঁ পিতৃৰ দ্বাৰা অনুপ্ৰাণিত হৈ ক্ৰীড়াক্ষেত্ৰখন বাছি লৈছিল আৰু তেওঁ কেতিয়াও সিন্ধুৰ পছন্দত প্ৰশ্ন কৰা নাছিল ৷

ক্ৰীড়াবিদ নোহোৱা হ'লে তেওঁ কি পেছা গ্ৰহণ কৰিলেহেঁতেন বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, শিশুকালত তেওঁ চিকিৎসক হ'ব বিচাৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.