ETV Bharat / sports

1 জুলাইৰ পৰা হায়দৰাবাদত বেডমিণ্টন কেম্প আৰম্ভৰ সম্ভাৱনা ! - হায়দৰাবাদত কেম্প আয়োজনৰ সম্ভাৱনা

COVID-১৯ ৰ পাচত বেডমিণ্টন খেলুৱৈৰ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ চিন্তা-চৰ্চা । অহা 1 জুলাইৰ পৰা হায়দৰাবাদত বেডমিণ্টন কেম্প আয়োজনৰ সম্ভাৱনা ।

Badminton association of india said badminton camp could be started from 1 july

author img

By

Published : Jun 27, 2020, 1:45 PM IST

স্পৰ্টছ ডেস্ক, 27 জুনঃ দেশ জুৰি চলি থকা কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ মাজতেই বেডমিণ্টন খেলুৱৈৰ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ পৰা চলাই থকা হৈছে চিন্তা-চৰ্চা । অহা 1 জুলাইৰ পৰা হায়দৰাবাদত বেডমিণ্টন কেম্প আয়োজনৰ সম্ভাৱনা । ৰাজ্য় চৰকাৰৰ দ্বাৰা স্বীকৃতি লাভ কৰিব সক্ষম হ'লেই পি.ভি সিন্ধু কে ধৰি অন্যান্য বহু বেডমিণ্টন খেলুৱৈক দেখা পোৱা যাব পুনৰ কৰ্টত ।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ চাইয়ে ইতিমধ্যে বিগত মাহতেই ক্ৰীড়া কাৰ্য-কলাপ আৰম্ভ কৰাৰ বাবে কিছু নীতি-নিৰ্দেশাৱলী জাৰি কৰিছিল । যাৰ পাচতেই বেংগালুৰুস্থিত প্ৰকাশ পাডুকণ বেডমিণ্টন একাডেমীত বহু খেলুৱৈয়ে ইতিমধ্যে নিজৰ অনুশীলন আৰম্ভ কৰিছে । এতিয়া হায়দৰাবাদৰ খেলুৱৈ সকলৰ বাবে অপেক্ষা ৰাজ্য চৰকাৰ অনুমতিৰ ।

হায়দৰাবাদত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ পাচতেই ৰাজ্য চৰকাৰ খনে অহা 30 জুনলৈ ৰাজ্যখনত লক্ ডাউন বৃদ্ধিৰ ঘোষণা কৰিছিল । যাৰ বাবে ক্ৰীড়া ক্ষেত্ৰতো দেখা পোৱা গৈছে ইয়াৰ প্ৰভাৱ ।

আনহাতে ইতিমধ্যে বেডমিণ্টন ফেডাৰেচনে অহা 27 এপ্ৰিলৰ পৰা 3 মে'লৈ অনুষ্ঠিত হ'বলগীয়া নেশ্য়নেল চেম্পিয়নশ্বিপ প্ৰতিযোগিতা স্থগিত কৰিছে । বৰ্তমানে ছেপ্তেম্বৰ মাহলৈ কোনো ঘৰুৱা প্ৰতিযোগিতা আয়োজন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ ফালৰ পৰা ।

লগতে চাওকঃ গোলাঘাটত পুনৰ বন্যহস্তীৰ ত্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.