স্পৰ্টছ ডেস্ক, ২০ মাৰ্চঃ থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ গেমছ আৰু ফেষ্টিভেলত উজলিল অসমৰ পাঁচগৰাকীকৈ প্ৰতিভাৱান খেলুৱৈ । যোৱা ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হৈছিল চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ গেমছ চেম্পিয়নশ্বিপ ।
এই প্ৰতিযোগিতাতে পুৰুষৰ কিক বক্সিঙত দেৱান আৰীয়ন তাইছিৰে স্বৰ্ণ, দেৱান অলমাছ তমবিৰে ব্ৰঞ্জ, প্ৰাচুৰ্য কল্প বৰুৱাই ব্ৰঞ্জ, নিলম চান্দে ৰূপ আৰু সুমন কুমাৰ চক্ৰৱৰ্তীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । মঙলবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে অনুৰাগীয়ে উষ্ম আদৰণি জনাই খেলুৱৈ সকলক ।