চিটাৰা ডেস্ক,21 নৱেম্বৰ : শেহতীয়াকৈ বিৰ্তকৰ আৱৰ্তত সোমাই পৰিছে কণ্ঠশিল্পী বাবুৰ 'মাজুলীৰ গাভৰু' গীতৰ ভিডিঅ'টো ৷ গীতটোৰ কৰিঅ'গ্ৰাফাৰ অসীম গগৈ আৰু সংগীত শিল্পী বাবু সম্প্ৰতি বহু প্ৰশ্নৰ সন্মুখীন হৈছে ৷ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে কথাৰে থকা-সৰকা কৰিছে বহুজনে ৷ বহুজনে এই সন্দৰ্ভত ব্যক্ত কৰিছে নিজৰ মন্তব্য ৷
![reaction on majulir gabhoru music video](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5132925_d.jpg)
অসমৰ আন এগৰাকী জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ উদয় শংকৰে চ'ছিয়েল মিডিয়া যোগে এই সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ মন্তব্য ৷
![reaction on majulir gabhoru music video](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5132925_c.jpg)
তেওঁ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ দৰে এই ঘটনাক লাজৰ বিষয় বুলি কোৱাৰ লগতে ভিডিঅ'টো চাই দুখ পাইছে বুলি ব্যক্ত কৰে ৷ লগতে তেওঁ কৰিঅ'গ্ৰাফাৰ অসীম গগৈক ভগৱন্তই সুমতি দিয়ক বুলি প্ৰাৰ্থনা কৰিছে বুলি জনায় চ'ছিয়েল মিডিয়াযোগে ৷
লগতে পঢ়ক : দেবব্ৰত শইকীয়াৰ ফৈদ পাণ্ডৱ আৰু বাকীবোৰ কৌৰৱঃ ৰূপজ্যোতি কুৰ্মী