চিটাৰা ডেস্ক,21 জুনঃ দেওবাৰে এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে প্ৰসিদ্ধ অভিনেত্ৰী উষা ৰাণীয়ে ৷ দিনৰ প্ৰায় 2 বজাত বৃক্কজনিত কাৰণত ইহলীলা সম্বৰণ কৰে দক্ষিণ ভাৰতীয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ বিগত 16 জুন তাৰিখে হাস্পতালত ভৰ্ত্তি হৈছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকী ৷
অভিনেত্ৰী গৰাকীয়ে 200ৰো অধিক মালায়ালাম ছবিত অভিনয় কৰিছিল ৷ অভিনেত্ৰীগৰাকীয়ে পোন প্ৰথমে 13 বছৰ বয়সত শিশু শিল্পী ৰূপে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল ৷
জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে শিৱাজী গণেশন, এম.জি.আৰ,জয়শংকৰ,কমল হাচান আৰু শ্ৰী দেৱীৰ দৰে প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীৰ সৈতে একেলগে অভিনয় কৰিছিল ৷ জানিব পৰা মতে, সোমবাৰে কৰা হ'ব তেওঁৰ অন্তিম সংস্কাৰ ৷
লগতে চাওকঃতাৰকাৰ পিতৃ দিৱস বিশেষ