ETV Bharat / sitara

অসমৰ অশান্ত পৰিৱেশৰ বাবেই সংগীতানুষ্ঠান বাতিল কৰিলে পাপনৰ - পাপনৰ সংগীতানুষ্ঠান

অসমৰ হৃদয়স্পৰ্শী পৰিস্থিতিৰ বাবে এই সপ্তাহৰ অন্তত দিল্লীত অনুষ্ঠিত হ'ব লগা সংগীতানুষ্ঠান বাতিল কৰে অসমৰ কন্ঠশিল্পী পাপনে ৷

Papon calls off Delhi gig amid tension in Assam
পাপনৰ সংগীতানুষ্ঠান বাতিল
author img

By

Published : Dec 12, 2019, 8:58 PM IST

চিটাৰা ডেস্ক,12 ডিচেম্বৰঃ অসমৰ কন্ঠশিল্পী অংগৰাগ মহন্ত অৰ্থাৎ পাপনে অসমৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ বাবেই বাতিল কৰিছে দিল্লীত অনুষ্ঠিত হ'ব লগা তেওঁৰ সকলো সংগীতানুষ্ঠান ৷ অসমৰ হৃদয়স্পৰ্শী পৰিস্থিতিৰ বাবে অসমৰ কন্ঠশিল্পী পাপনে এই সপ্তাহৰ অন্তত দিল্লীত অনুষ্ঠিত হ'ব লগা সংগীতানুষ্ঠান বাতিল কৰে ৷ সম্প্ৰতি নিজৰ ৰাজ্যৰ অস্থিৰ পৰিস্থিতিৰ পৰিপেক্ষিতত এই সিদ্ধান্ত কন্ঠশিল্পীগৰাকীৰ ৷

papon tweet
পাপনৰ টুইট
তেওঁ দিল্লীবাসীক সম্বোধন কৰি টুইট যোগে জনাই যে, " প্ৰিয় দিল্লী, মই বৰ দুখিত যে দিল্লীৰ 'ইমপাৰফেক্টছ'ৰ'ত অনুষ্ঠিত হ'ব লগা মোৰ সংগীতানুষ্ঠান বাতিল কৰিছোঁ কাৰণ এই সময়ত মোৰ গৃহভূমি জ্বলি আছে , কান্দি আছে আৰু সান্ধ্য আইনৰ আওঁতাত আছে ৷ মোৰ বৰ্তমান যি মনৰ স্থিতি হৈ আছে সেই স্থিতিৰে আপোনালোকক মনোৰঞ্জন দিবলৈ মই অপাৰগ ৷ "

লগতে কয় যে, " মই জানো যে, এইটো সমীচিন হোৱা নাই কাৰণ আপোনালোকে পূৰ্বৰ পৰাই ইয়াৰ পৰিকল্পনা কৰিছে আৰু আগতীয়াকৈ টিকেট ক্ৰয় কৰি থৈছে ৷ কিন্তু মোৰ বিশ্বাস আয়োজকসকলে এই ক্ষেত্ৰত নিশ্চয় ব্যৱস্থা ল'ব আৰু আপোনালোকক কথা দিলো অনাগত দিনত সকলোকে লগ পাম, আশা কৰোঁ আপোনালোকে বুজিব ৷

"ইয়াৰোপৰি পাপনে অসমৰ পৰিস্থিতি সন্দৰ্ভত কয় যে, "পীড়িত হৈছে মানৱতা ,অসমে দশক জুৰি অবৈধ প্ৰবজনকাৰীৰ বোজা লৈ আছে ৷ অসমীয়া সংস্কৃতি আৰু জনসাধাৰণৰ বিবিধতা, সংমিশ্ৰণতা আৰু অস্তিত্বক বুজাৰ প্ৰয়োজনীয়তা আছে ৷ আমাক ভালকৈ শুনাৰ প্ৰয়োজনীয়তা আছে ৷"

Intro:Body:

Papon calls off Delhi gig amid tension in Assam

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.