ETV Bharat / sitara

অৰ্চনা বৰদলৈৰ ‘মোৰ কপালতে’ শীৰ্ষক গান মুকলি - গান মুকলি

বৃহস্পতিবাৰে গুৱাহাটীৰ লতাশিলস্থিত চাইলজী কেফেত মুকলি কৰা হয় ‘মোৰ কপালতে’ শীৰ্ষক এটি গানৰ ভিডিঅ’ । AC MULTIMEDIA ইউটিউব চেনেলত মুকলি হয় এই ভিডিঅ’টি ৷ কণ্ঠশিল্পী প্ৰণামী প্ৰিয়মে কণ্ঠদান কৰা গানটোৰ পৰিচালনাত আছে অৰ্চনা বৰদলৈ ।

New song released of Archana Bordoloi in Guwahati
অৰ্চনা বৰদলৈৰ ‘মোৰ কপালতে’ শীৰ্ষক গান মুকলি
author img

By

Published : Oct 23, 2020, 6:52 AM IST

গুৱাহাটী,23 অক্টোবৰ : কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে স্থবিৰ হৈ পৰিছিল ৰাজ্যৰ সাংস্কৃতিক জগত । সম্প্ৰতি ধীৰ গতিত আৰম্ভ হৈছে কাম-কাজসমূহ । ৰাজ্যত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাচতে কেইবাগৰাকীও নৱাগত অভিনেতা,কণ্ঠশিল্পীয়ে প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ গান। গুৱাহাটীৰ লতাশিলস্থিত চাইলজী কেফেত বৃহস্পতিবাৰে মুকলি কৰা হয় ‘মোৰ কপালতে’ শীৰ্ষক গানটোৰ ভিডিঅ’ । AC MULTIMEDIA ইউটিউব চেনেলত মুক্তি লাভ কৰে এই ভিডিঅ’টি ৷

New song released of Archana Bordoloi in Guwahati
অৰ্চনা বৰদলৈৰ ‘মোৰ কপালতে’ শীৰ্ষক গান মুকলি

অৰ্চনা বৰদলৈৰ কথা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা এই গানটোত কণ্ঠদান কৰিছে কণ্ঠশিল্পী প্ৰণামী প্ৰিয়মে । ভিডিঅ’ত আছে নৱাগত অভিনেতা অভিজিৎ চক্ৰৱৰ্তী,কংকণ,অভিনেত্ৰী জুনু নাথে ।

প্ৰকৃত প্ৰেমত থকা অভিমান,মৰম,অপেক্ষা আদি বিষয়ক সামৰি গানটো লিখি উলিয়াইছে অৰ্চনা বৰদলৈয়ে । নৱ প্ৰজন্মই গানটো উপভোগ কৰি এক নতুনত্ব পাব বুলি আশাবাদী গানটোৰ নিৰ্মাতাৰ লগতে কলা-কুশলীসকল ।

লগতে পঢ়ক : কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু চুডৰ প্ৰতিমূৰ্তি নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.