গুৱাহাটী,22 নৱেম্বৰ : গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে মাজুলীৰ অপূৰ্ব সুন্দৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক পৰিৱেশক সমল কৰি নিৰ্মাণ হোৱা ‘মাজুলীলৈ যাঁও’ শীৰ্ষক এটি গীত দৃশ্য-শ্ৰাৱ্য ৰূপত শুভ মুক্তি দিয়া হয় । দিপাংক শইকীয়াৰ ভিডিঅ’ পৰিচালনাৰে দৃশ্য-শ্ৰাৱ্য গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সংগীতকাৰ-সংগীত কণ্ঠশিল্পী তৰালি শৰ্মাই । লগতে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া ডিম্বনাথ মৰাং ৷
গীতটিৰ কথা, সুৰ আৰু কণ্ঠদান কৰিছে ‘‘তৰা অ’ তৰা’’, ‘‘সোণাৰুৰে হালধীয়া হাঁহি’’ আদি বহুকেইটা জনপ্ৰিয় গীতেৰে নিজৰ পৰিচয় দাঙি ধৰা কণ্ঠশিল্পী চি.এছ.শিৱাই আৰু শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ ৷ মাজুলীৰ বিভিন্ন সত্ৰ আৰু মনোমোহা স্থানত বিতুল দাসে চিত্ৰগ্ৰহণ কৰা ভিডিঅ‘টি সম্পাদনা সম্পন্ন কৰিছে মানস কাশ্যপে ।
গীতটিৰ শুভমুক্তিৰ অন্তত ‘ধ্বনি ৰেকৰ্ডছ’ নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় গীতটি ৷ গীতটিক লৈ ইতিমধ্যে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ৰাইজক গীতটি উপভোগ কৰিবলৈ আহ্বান জনায় ৷
গীতটিৰ মুখ্য সহকাৰী পৰিচালক নয়নজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত চি.এছ.শিৱাই মাজুলী প্ৰীতি, ইয়াৰ ঐতিহ্যশালী সম্পদৰ সংৰক্ষণ তথা আধ্যাত্মিকতাক স্মৰণ কৰি বক্তব্য আগবঢ়োৱাৰ লগতে পৰিচালক দিপাংক শইকীয়াই দৃশ্য গ্ৰহণৰ সময়ত লাভ কৰা সুন্দৰ অভিজ্ঞতাৰ কথাৰে মাজুলীবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ৷
লগতে পঢ়ক : সফল লিখক হিচাপে আত্মপৰিচয় দিয়া বলিউডৰ অভিনেত্ৰীসকল