চিটাৰা ডেস্ক, ৬ জানুৱাৰী : শিল্পী দম্পতী কাৰ্দছিয়ান আৰু কন্যে ৱেষ্টৰ ৬ বছৰীয়া বৈবাহিক জীৱন আৰু ৮ বছৰীয়া প্ৰেমৰ সম্পৰ্ক অন্ত পৰাৰ পৰ্যায় পাইছে । ই-নিউজে প্ৰকাশ কৰা মতে, ৰিয়েলিটি টিভি ষ্টাৰ আৰু তেওঁৰ ৰেপাৰ স্বামীয়ে পৃথকে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু এতিয়াও বিবাহৰ বিচ্ছেদৰ আবেদন জনোৱা নাই কিমে । বিগত কেইবামাহো ধৰি বিবাহিত দম্পতী হিচাপে তেওঁলোকে সময় কটোৱা নাই ।
সন্তানৰ খাতিৰতহে দুয়োকে একেলগ হোৱা দেখা যায় যদিও দুয়ো পৃথকে পৃথকে বাস কৰে । এক বিশেষ সূত্ৰই ই-নিউজৰ আগত এই কথা প্ৰকাশ কৰে । কিমে এতিয়াও বিবাহৰ বিচ্ছেদৰ আবেদন কিয় জনোৱা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত সূত্ৰটোৱে প্ৰকাশ কৰে যে, কিম কাৰ্দছিয়ান আৰু কন্যে ৱেষ্টৰ মাজত সকলো সম্পৰ্ক শেষ হৈছে যদিও তেওঁলোকে নিজৰ সন্তানৰ বাবে সঠিক সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰি আছে ।
কিমে নিশ্চিত কৰিব বিচাৰে যে, তেওঁ নিজৰ সন্তানৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে । ২০১২ চনত নিজৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱা কৰা শিল্পী দম্পতী ৪টা সন্তানৰ পিতৃ-মাতৃ । তেওঁলোকে এতিয়া ৭ বছৰীয়া সন্তান নৰ্থ ৱেষ্ট, ৫ বছৰীয়া সন্তান ছেইণ্ট, দুবছৰীয়া সন্তান চিকাগ' ৱেষ্ট আৰু ২০ মহীয়া সন্তান ছালম ৱেষ্টৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ চিন্তা-চৰ্চা কৰিছে । বিগত কেইমাহ মানৰ পৰা কিম-কন্যেইৰ সম্পৰ্কত ফাঁট মেলিবলৈ আৰম্ভ কৰে । বিগত বৰ্ষৰ জুলাই মাহত কিমে ৰাজহুৱা কৰিছিল যে, কন্যেৰ মানসিক অৱস্থা জটিল আৰু কষ্টদায়ক হৈ পৰিছে ।
লগতে পঢ়ক:ভাৰত-আমেৰিকাৰ সম্পৰ্ক আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী জয়শংকৰক প্ৰশংসা পম্পিঅ'ৰ