ETV Bharat / sitara

45 বছৰীয়া হ'ল জনপ্ৰিয় অভিনেত্ৰী কাজল - social_media

কাজলৰ জন্মদিনত কাজলক প্ৰশংসাৰ জৰিয়তে জন্মদিনৰ শুভকামনা জনালে স্বামী অজয় দেৱগনে

45 বছৰীয়া হ'ল জনপ্ৰিয় অভিনেত্ৰী কাজল
author img

By

Published : Aug 5, 2019, 3:49 PM IST

নিউজ ডেক্স,5 আগষ্টঃ সোমবাৰে 45 বছৰ বয়সত ভৰি দিলে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কাজলে ৷ নিজৰ জন্মদিনৰ এই বিশেষ দিনটোত অভিনেত্ৰী গৰাকীয়ে স্বামী অজয় দেৱগনৰ পৰা লাভ কৰে বিশেষ প্ৰশংসা ৷ অভিনেতাগৰাকীয়ে কাজলৰ ফটো এখন শ্বেয়াৰ কৰি কেপচনত লিখে, এতিয়াও তৰুণী হৈ আছে তেওঁৰ পত্নী কাজল আৰু কাজলক প্ৰয়োজন নাই কোনোধৰণৰ সৌন্দৰ্য নিদ্ৰাৰ ৷

etv_bharat_assam
জন্মদিনত শুভকামনা স্বামী অজয় দেৱগনৰ

উল্লেখ্য যে,বি টাউনৰ এই যুগ্ম যুঁটিয়ে বিবাহপাশত আৱদ্ধ হৈছিল 1999 চনত ৷ এতিয়া দুটি সন্তানৰ ( ন্যাসা আৰু যোগ )পিতৃ-মাতৃ দুয়ো ৷ বিবাহৰ পূৰ্বে দুয়োৱে একেলগে "ইস্ক", "প্যাৰ ট' হনা হি থা" আৰু "দিল ক্যা কৰে"ৰ দৰে বহুতো হিট চলচ্চিত্ৰত অভিনয় কৰিছিল ৷

Intro:Body:জোনাইত "প:পৃৰ" ফেচবুক গোটৰ ৩৫০ টা বৰ্ন্যাত পৰিয়ালক বান সাহাৰ্য্য প্ৰদান

জোনাই ৫ আগষ্ট

চিয়াং লালী, নদীৰ প্ৰলঙ্কাৰী বানত প্ৰায় এমাহ ধৰি সৰ্বস্বান্ত হোৱা জোনাই ৰাজহ চক্ৰৰ ৰাভা কাঠনি, ৰাভা হাছং, ৰাভা মিচিং, মালভোগ, ১ নং শান্তিপুৰ ২ নং শান্তিপুৰ কে ধৰি আঠখন বান বিধ্বস্ত গাঁও কেইখনৰ ৩৫০ টা বৰ্ন্যাত পৰিয়ালৰ মাজত আজি জোনাইৰ কেৱল মিচিং জনজাতীয় মহিলাসকলৰ বাবে ফেচবুক গোট "প:পৃৰ" ৰে বান সাহাৰ্য্য প্ৰদান কৰা হয় | ২০১৯ চনৰ ৮ মাৰ্চত আন্তৰ্জাতিক দিৱসৰ দিনা কেৱল মিচিং জনজাতীয় মহিলাসকলৰ বাবে ফেচবুক গোট "প:পৃৰ" নামে ভৱানী পেগু, নিৰ্মালী পেগু, ইলা লাচন, নয়নতৰাৰ নেতৃত্বত গঠন কৰে| "প:পৃৰ" গোটৰ সংগৃহীত আৰ্থিক বৰঙণি আৰু জোনাই জামে মদজিদ লগতে শুভাকাংক্ষী বেবী বেগম আৰু নেইনা খাতুনৰ বৰঙনিৰে কেণ্ডেল, নেপকিন, কইল, ধূপ, কাপোৰ ধোৱা চাবোন, গা ধোৱা চাবোন, বিস্কুট, জুইশলা, চাহপাত, মিঠাতেল আদি প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী ৩৫০ টা পৰিয়ালক বান সাৰ্হায্য আগবঢ়োৱা হয়| আনহাতে ইয়াৰ পূৰ্বে ফেচবুক "প:পৃৰ" গোটে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ পোৱা ছাত্ৰ ছাত্ৰীক ডিব্ৰুগড় কানাই মহাবিদ্যালয় প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনায়, মিচিং আগম কেবাঙত দুবাৰকৈ সভাপতি আসনত থকা প্ৰাক্তন সভাপতি চন্দ্ৰ কান্ত লাচনৰ সোঁৱৰণীত প্ৰকৃতিক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যে গছপুলি ৰোপন, আন্তৰ্জাতিক নাৰী দিৱসত বগীবিল কাৰেং চাপৰিত বৃক্ষৰোপন আৰু ডিব্ৰুগড় মইনা মিৰি গাঁৱত ১২০ টা পৰিয়ালক বান সাহাৰ্য্য প্ৰদান কৰে | আজিৰ বান সাহাৰ্য্য আগবঢ়োৱা অভিযানত কেৱল মিচিং জনজাতীয় মহিলাসকলৰ বাবে ফেচবুক গোট "প:পৃৰ” ৰ প্ৰনিতা পাৱ, দিতিমনি টায়ে, বিনিতা চাৰহ, বন্তি টায়ে, পাপুলি কুম্বাং, ডিম্পল টায়ে, ৰেমি লাগাছু, তনয়া পেগু মেদক, চিলাপথাৰৰ অমিলতা টায়ে, প্ৰিয়ংকা খুলি লগতে জোনাইৰ "প:পৃৰ" গোটৰ সকলো সদস্যা, জেষ্ঠ মহিলা গুণৱতী বড়ি, সুশীলা পেগু, বিনা দলে, জোনাই কনিষ্ঠ বালিকা মহাবিদ্যালয় উপাধক্ষ্য মৃদুল টায়ে, ধেমাজি জিলাৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক বৰগোহাঁই, পূৰ্ণ, সহযোগিতা আগবঢ়োৱায়| "প:পৃৰ" গোটৰ এনে বান সাহাৰ্য্য প্ৰদানৰ প্ৰচেষ্টাক বৰ্ন্যাতলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে|

কৰবী দলে জোনাইConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.