ETV Bharat / sitara

আৱাহন থিয়েটাৰৰ মঞ্চত শিল্পী দিৱস উদযাপন - অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

ৰূপকোঁৱৰৰ স্মৃতিত শুকুৰবাৰে বৰপেটাৰ চেঙাত আৱাহন আৱাহন থিয়েটাৰৰ মঞ্চত, উদযাপন কৰা হ'ল শিল্পী দিৱস ৷

শিল্পী দিৱস উদযাপন
শিল্পী দিৱস উদযাপন
author img

By

Published : Jan 18, 2020, 10:42 AM IST

বৰপেটা, 18জানুৱাৰীঃ সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে চেঙাত আৱাহন থিয়েটাৰৰ মঞ্চত উদযাপন কৰা হ'ল শিল্পী দিৱস ৷ অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে বন্তি প্ৰজ্বলন কৰাৰ লগতে, আৱাহন থিয়েটাৰৰ অন্য শিল্পী-কলা কুশলী, থিয়েটাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী প্ৰদান কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

আৱাহন থিয়েটাৰৰ মঞ্চত শিল্পী দিৱস উদযাপন

উল্লেখ্য যে, অহা নাট্যবৰ্ষত আৱাহন থিয়েটাৰে নৃত্য নাটিকা হিচাপে ৰূপকোঁৱৰৰ "কাৰেঙৰ লিগিৰী" পৰিৱেশন কৰিব বুলি প্ৰযোজক প্ৰস্তুতি পৰাশৰে জনায় ৷ ইয়াৰ লগতে, ক্ষুদ্ৰ শিল্পীৰ ক্ষেত্ৰত শিল্পীৰ জি.এচ.টি প্ৰযোজ্য কৰিব নোৱাৰে লগতে ভুল সময়ত শিল্পীৰ জিএচটি চৰকাৰে উত্থাপিত কৰিছে বুলি কয় অভিনেত্ৰী গৰাকীয়ে ৷ তাৰোপৰি CAA বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব বুলিও উল্লেখ কৰে প্ৰস্তুতি পৰাশৰে ৷

লগতে পঢ়কঃ সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালালৈ শিল্পী দিৱসত শ্ৰদ্ধাঞ্জলী

Intro:

বৰপেটা ১৮ জানুৱাৰী: সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে চেঙাত "আৱাহন থিয়েটাৰ"ৰ মঞ্চত উদযাপন কৰা হ'ল শিল্পী দিৱস। শুকুৰবাৰে শিল্পী দিৱসৰ দিনটোত এইদৰে আৱাহন থিয়েটাৰৰ মঞ্চত উদযাপন কৰা হয় শিল্পী দিৱস।মোহময়ী অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে আৱাহন থিয়েটাৰৰ শিল্পী-কলা কুশলী, থিয়েটাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলেও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।Body:আৱাহনৰ মঞ্চত ৰূপকোঁৱৰৰ সৃষ্টি ৰাজি পৰিবেশন কৰি শিল্পীসকলে শ্ৰদ্ধাঞ্জলি জনায়।অহা নাট্যবৰ্ষত আৱাহন থিয়েটাৰে নৃত্য নাটিকা হিচাপে ৰূপকোঁৱৰৰ "কাৰেঙৰ লিগিৰী" আগবঢ়াব বুলি প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে ঘোষণা কৰে। ক্ষুদ্ৰ শিল্পীৰ ক্ষেত্ৰত শিল্পীৰ জি এচ টি প্ৰযোজ্য কৰিব নোৱাৰে বুলি কোৱাৰ লগতে ভুল সময়ত শিল্পীৰ জিএচটি উত্থাপিত কৰিছে চৰকাৰে। "কা" বাতিল নোহোৱালৈ প্ৰতিবাদ চলি থাকিব বুলি উল্লেখ কৰে প্ৰস্তুতি পৰাশৰে। আমি বিদেশী বা বাংলাদেশী নহ'লে চলিব নোৱাৰোঁ বুলি কোৱাৰ লগতে আমি কৰ্মবিমুখ হৈ পাৰিছো বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰস্তুতিৱে। উল্লেখ্য যে 87সংখ্যক চেঙা মহোৎসৱ উপলক্ষ্যে শুকুৰবাৰৰ পৰা আৱাহন থিয়েটাৰৰ নাট প্ৰদৰ্শন আৰম্ভ হৈছে।

Conclusion:বাইট: প্ৰস্তুতি পৰাশৰ, অভিনেত্ৰী,
প্ৰযোজিকা-আৱাহন থিয়েটাৰ
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.