ETV Bharat / sitara

Happy Birthday Manas Robin : জনপ্ৰিয় সংগীতশিল্পী মানস ৰবীনলৈ জন্মদিনৰ শুভেচ্ছা - assamese singer manas robin birthday

আজি অসমৰ জনপ্ৰিয় সংগীতশিল্পী মানস ৰবীনৰ জন্মদিন (Manas Robin's Birthday) । ওপজা দিনৰ শুভক্ষণত ছ’চিয়েল মিডিয়াযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে অসংখ্য অনুৰাগীয়ে ৷

assamese popular artist manas robins birthday
মানস ৰবীনৰ জন্মদিন
author img

By

Published : Dec 3, 2021, 2:12 PM IST

চিটাৰা ডেস্ক, 3 ডিচেম্বৰ : বিহুসুৰীয়া গীতেৰে অসমবাসীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰা জনপ্ৰিয় শিল্পী মানস ৰবীনৰ আজি ওপজা দিন(Manas Robin's Birthday) ৷ 1976 চনৰ 3 ডিচেম্বৰত শিৱসাগৰ জিলাত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে ৷ তেওঁৰ প্ৰকৃত নাম মানস জ্যোতি গগৈ ৷

‘জোনবাই’, ‘প্ৰিয়া ও প্ৰিয়া’, ‘পখিলা’, ‘লেফাফা’ আদি ভিচিডিৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা লাভ কৰা মানস ৰবীনৰ বিহুসুৰীয়া গীতসমূহে আমোদ জগাই আহিছে প্ৰতিগৰাকী অসমীয়াক ৷ 2002 চনত লখিমপুৰৰ এখন বিহু অনুষ্ঠানত গীত পৰিৱেশন পৰাই আৰম্ভ হৈছিল শিল্পীগৰাকীৰ সংগীতৰ যাত্ৰা ৷

Manas Robin
মানস ৰবীন

উক্ত অনুষ্ঠানত নিজকে এখন অচিন মুখ বুলি ভবা মানস ৰবীনলৈ বিহু কমিটী আৰু দৰ্শকে আগবঢ়াইছিল এক বিপুল সঁহাৰি ৷ শিল্পীগৰাকীৰ গীতত আপ্লুত হৈ পৰিছিল দৰ্শকবৃন্দ ৷ সেই বিহু মঞ্চখনৰ পৰাই পৰৱৰ্তী সময়ত 17 খন বিহু মঞ্চত গীত পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছিল শিল্পী মানস ৰবীনে ৷

যোৰহাটৰ জে বি মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তেই তেওঁ ‘নীহাৰিকা’ নামৰ এটি এলবামত কাম কৰিছিল ৷ তাৰ পাচতে তেওঁ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীত থাকিবলৈ লয় ৷ ইয়াৰ লগে লগে নতুন নতুন অসমীয়া এলবামত কণ্ঠদান আৰু সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে শিল্পীগৰাকীয়ে ৷

অসমীয়া লোক সংগীতকেই মূলতঃ সাৰথি হিচাপে গ্ৰহণ কৰি আহিছে মানস ৰবীনে ৷ জুবিন গাৰ্গ আৰু মানস ৰবীনৰ যুঁটিটো অসমীয়া সংগীত জগতৰ এক জনপ্ৰিয় যুঁটি হিচাপে ধৰা হয় ৷ মানস ৰবীনৰ দ্বাৰা পৰিচালিত গীতত জুবিনে কণ্ঠ নিগৰাই এই গীতসমূহ অধিক জনপ্ৰিয় কৰি তুলিছে ৷ মানস ৰবীনৰ ‘প্ৰিয়া ও প্ৰিয়া’ এলবামত প্ৰথমবাৰৰ বাবে কণ্ঠ নিগৰাইছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে ৷

সংগীত জগতৰ উপৰিও বহু সামাজিক কামত সহায়-সহযোগ আগবঢ়াই অনুৰাগীৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে এইগৰাকী শিল্পীয়ে ৷ ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল মানস ৰবীনে । মানস ৰবীন বুলিলেই অসমবাসীৰ হৃদয়ত সুকীয়া স্থান দখল কৰা এগৰাকী শিল্পী । এক আপোচবিহীন, শৈল্পিক সৃষ্টি আৰু চিৰসেউজ চিন্তাৰ গৰাকী হৈছে মানস ৰবীন ।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত নিজৰ আপোচবিহীন স্থিতিৰে জাতিৰ পক্ষত থিয় দিছিল মৰমৰ শিল্পী মানস ৰবীনে ৷ অসমীয়া সংগীত জগতত মানস ৰবীনৰ কৰণীয়ই প্ৰতিটো প্ৰজন্মকে আমোদ জগাই আহিছে ৷ তেওঁৰ কষ্ট আৰু পৰিশ্ৰমে নিশ্চয়কৈ তেওঁক এগৰাকী সফল শিল্পীত ৰূপান্তৰিত কৰিছে ৷ ছ’চিয়েল মিডিয়াযোগে অনুৰাগীয়ে জন্মদিনৰ শুভেচ্ছাৰে উপচাই পেলাইছে শিল্পী মানস ৰবীনক।

লগতে পঢ়ক : Filmfare Awards ৰ বাবে মনোনীত কণ্ঠশিল্পী নীলোৎপল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.